NORTHEAST NOW (Assamese)
অসম

“ৰাষ্ট্ৰৰ শিকলি” পিন্ধা অৱস্থাতে আলফাৰ বিদ্ৰোহক আগুৱাই নিয়াৰ সংকল্প প্ৰকাশ প্ৰাণময় ৰাজগুৰুৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 17, 2019 4:25 pm
Pranamay Rajguru

স্বাধীন অসমৰ লক্ষ্য অভিমুখী আলফাৰ সশস্ত্ৰ বিদ্ৰোহৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে ১৫ মে’ত সংঘটিত বিস্ফোৰণটোৰ মূল অভিযুক্ত প্ৰাণময় ৰাজগুৰুৱে।

আজি লতাশিল থানাৰ পৰা কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশৰ আদালতলৈ নিয়াৰ সময়ত সংবাদ মাধ্যমৰ আগত যথেষ্ট চাঞ্চল্যকৰ মন্তব্য দি প্ৰাণময় ৰাজগুৰুৱে কয়, “সংগ্ৰাম অব্যাহত থাকিব। মোৰ দেশ, মোৰ মাটি, মোৰ জাতি, মোৰ স্বাভিমান”।

ৰাজগুৰু গুৱাহাটীৰ মাজমজিয়াত সংঘটিত বিস্ফোৰণটোত জড়িত থকাৰ সন্দেহত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল আৰু হাতত হেণ্ডকাফ পিন্ধি থকা অৱস্থাতে তেওঁ আজি দ্বিধাহীনভাৱে এই মন্তব্য কৰে।

Pranamay Rajguru
লতাশিল থানাৰ পৰা কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশৰ আদালতলৈ নিয়াৰ সময়ত প্ৰাণময় ৰাজগুৰু।

“কোনো বিস্ফোৰক পদাৰ্থ মোৰ লগত নাই” বুলি জানিবলৈ দি স্থিতিত অটল ৰাজগুৰুৱে লগতে কয়, “মই মোৰ দেশ আৰু মাটিক ভাল পাওঁ। ভাল পোৱাটো অপৰাধ হ’লে মই অপৰাধী।”

চমু সময়ৰ ভিতৰতে ৰাজগুৰুৱে অসম-ভাৰতৰ সংঘাতক টানি আনে আৰু কয়, “অসম ভাৰতৰ অংগ নাছিল আৰু ভৱিষ্যতেও নাথাকে। স্বাধীনতাই আমাৰ একমাত্ৰ লক্ষ্য আৰু লক্ষ্য প্ৰাপ্তি হ’বই। কোনো দিন এই সংগ্ৰাম থমকি নৰয়। মই সংগ্ৰামৰ লগত জড়িত। কূটাঘাতৰ লগত জড়িত নহয়।”

প্ৰাণময় ৰাজগুৰুৰ বিৰুদ্ধে মহানগৰীৰ গীতানগৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা 325/326/307-ত ২১০/১৯ নম্বৰত গোচৰ ৰুজু কৰা হৈছে।

ইফালে পাণ বজাৰ থানাৰ পৰা আজিয়ে ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে বিস্ফোৰণটোৰ আন এগৰাকী অভিযুক্ত অভিনেত্ৰী জাহ্নৱী শইকীয়াক। তাৰ পূৰ্বে তেওঁৰ প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব বুলি আৰক্ষীৰ সূত্ৰই কয়।

জাহ্নৱী শইকীয়াই সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য কৰা নাই।