NORTHEAST NOW (Assamese)
অসম

দহ দিনৰ আৰক্ষীৰ জিম্মালৈ জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 17, 2019 7:36 pm
Jahnabi Saikia produce CJM court in Guwahati on 17-05-19. Pix BY UB Photos

গুৱাহাটীৰ ১৫ মে’ৰ বিস্ফোৰণৰ দুই অভিযুক্ত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক আৰক্ষীয়ে ১৪ দিনৰ বাবে নিজৰ জিম্মাত বিচৰাৰ পিছত আদালতে আজি ১০ দিনৰ বাবেহে জিম্মাত দিয়ে।

দুয়োজন অভিযুক্তকে আদালতত হাজিৰ কৰোৱাৰ পিছত কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশে এই সিদ্ধান্ত দিয়ে। অহা ২৭ মে’ত দুয়োজনকে পুনৰ আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশো দিয়া হয়।

প্ৰাণময় ৰাজগুৰুক লতাশিল থানাৰ পৰা আৰু জাহ্নৱী শইকীয়াক পাণ বজাৰৰ মহিলা থানাৰ পৰা কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতলৈ নিয়া হৈছিল।

আদালতলৈ নিয়াৰ পথত উৎসুক সাংবাদিকৰ উপৰ্য্যুপৰি প্ৰশ্ন সত্ত্বেও “ন’ কমেণ্ট” বুলি কৈ আঁতৰি যায় আৰক্ষীবেষ্টিত জাহ্নৱী শইকীয়া।

ইপিনে জাহ্নৱী শইকীয়াৰ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে জনোৱামতে, বৰ্তমানলৈকে জামিন আৱেদন দাখিল কৰা হোৱা নাই। তেওঁ আদালতৰ পৰা লাভ কৰা নিৰ্দেশনা সন্দৰ্ভত কয়, “আৰক্ষীয়ে ১৪ দিনৰ জিম্মাত বিচাৰিছিল, কিন্তু আমাৰ যুক্তিত পতিয়ন গৈ ১০ দিনৰ জিম্মাত দিয়ে। আনহাতে পৰিয়ালৰ মানুহক লগ কৰিবলৈ দিয়া নাছিল। কিন্তু এতিয়া আদালতে আৰক্ষীক নিৰ্দেশ দিছে যে ঘৰৰ মানুহে বিচাৰিলে লগ কৰিব পাৰিব।”

জাহ্নৱী শইকীয়াৰ স্লিপড ডিস্ক (slipped disk)ৰ সমস্যা আছে বুলি কৈ অধিবক্তাজনে কয়, “এজন আচামীয়ে পাব লগীয়া সকলোখিনি মেডিকেল সেৱা দিবলৈ আদালতে তদন্তকাৰী আৰক্ষীক নিৰ্দেশ দিছে”।