NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত কূটাঘাত কমা নাই; আলোচনা পন্থী আলফালৈ চৰকাৰী ভাত্তা বন্ধ কৰিব লাগে : অভিজিত শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2019 11:35 am
Abhijeet-Sarma

ৰাজ্যত সংঘটিত হৈ অহা কূটাঘাত সন্দৰ্ভত যুক্তি দাঙি ধৰি আলোচনা পন্থী আলফা নেতা, সদস্য সকললৈ চৰকাৰে আগবঢ়াই অহা ভাত্তা বন্ধ কৰাৰ দাবী জনাইছে অসম পাব্লিক ৱৰ্কছ নামৰ বেচৰকাৰী সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মাই।

১৭ মে’ত এখন সংবাদ মেল অনুষ্ঠিত কৰি পাব্লিক ৱৰ্কছৰ সভাপতিগৰাকীয়ে কয় যে ৰাজ্যত কূটাঘাতৰ সংখ্যা কমা নাই গতিকে আলোচনা পন্থী আলফাৰ নামত চৰকাৰে ভাত্তা হিচাপে আহবঢ়াই অহা ধন ব্যয় কৰাটো বন্ধ কৰিব লাগে।

তদুপৰি, যিসকল নতুন নতুন যুৱক নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনটোলৈ গৈছে তেওঁলোকক মূল সুতিলৈ ঘুৰাই অনাৰ বাবে চৰকাৰক উদ্যোগ লোৱাৰ বাবে আহ্বান জনাই শৰ্মাই।

সংবাদ মেলৰ জৰিয়তে এনেদৰে উল্লেখ কৰি একমাত্ৰ ধন উপাৰ্জনৰ বাবে অসমীয়া যুৱকসকল আলফালৈ যোৱা বুলি এক ইংগিত দিয়ে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৱে।

আনহাতে, সংবাদমেলখনত জলসিঞ্চন নিযুক্তি কেলেংকাৰী সন্দৰ্ভতো পুনৰ এবাৰ বিভাগটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে অভিজিত শৰ্মা। বিভাগটোত নিযু্ক্তি মুকলি কৰাৰ পূৰ্বে কেনেদৰে ৬৪৪ টা পদত কেলংকাৰী সংঘটিত হৈছিল তাৰো তথ্য দাঙি ধৰে শৰ্মাই।