NORTHEAST NOW (Assamese)
অসম

এন আৰ চিত বিদেশী ন্যায়াধীকৰণৰ সিদ্ধান্তই হ’ব চূড়ান্ত : উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2019 11:40 am
SC to hear petitions against CAA on Wednesday

অবৈধ বিদেশী বুলি এজন ব্যক্তিক ন্যায়াধীকৰণে দিয়া ৰায় বাধ্যতামূলক হিচাপে পৰিগণিত হ’ব আৰু ৰাজ্যখনত চলি থকা এন আৰ চিত তেওঁৰ নাম বাদ দিবলৈ বা অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে লোৱা কোনো সিদ্ধান্ত নৰজিব। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপক গুপ্তাৰ এখন বিচাৰপীঠে শুকুৰবাৰে এন আৰ চিত অন্তৰ্ভুক্ত এজন ব্যক্তিৰ নাম উক্ত ব্যক্তিজন বিদেশী হোৱাৰ বাবে এন আৰ চিৰ পৰা বাদ দিয়া হৈছে নেকি তথা তেওঁৰ নাম পাছত বাদ দিয়া অন্তৰ্ভুক্তিৰ বিৰুদ্ধে উপযুক্ত মঞ্চত আবেদন জনোৱাৰ অধিকাৰ ব্যক্তিজনৰ থাকিব নে নাই সেই বিষয়টোৰ ওপৰত বিচাৰ কৰিছিল।

ন্যায়াধীশ সঞ্জীৱ খান্নাই নিৰ্দেশটো ঘোষণা কৰি কয় যে বিদেশী ন্যায়াধীকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনোৱাৰ অধিকাৰ নাথাকিব। ন্যায়িকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা বিষয় এটাৰ প্ৰত্যাহ্বান জনাব নোৱাৰা ‘ৰেছ-জুডিকাটা’ৰ নীতি ন্যায়াধীকৰণৰ সিদ্ধান্তৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

সেয়েহে সাধাৰণ পৰিস্থিতিত বিদেশী ন্যায়াধীকৰণে অবৈধ প্ৰব্ৰজনকাৰী বা বিদেশী বুলি ঘোষণা কৰা ব্যক্তি এজনে তেনে সিদ্ধান্তৰ পুনৰ বিবেচনাৰ বাবে আবেদন জনাব নোৱাৰিব।

আনহাতে, বিদেশী ন্যায়াধীকৰণৰ সিদ্ধান্ত আৰু এন আৰ চিৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰি দি ন্যায়াধীকৰণৰ সিদ্ধান্ত চূড়ান্ত ৰূপত বাহাল থকাৰ কথা দোহাৰে।