NORTHEAST NOW (Assamese)
অসম

জল্পনা তুংগত! হঠাতে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ মহাৰাজ সৌৰভ গাংগুলীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 27, 2020 8:24 pm
Saurav Ganguli

দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাক যেন এক নতুন মাত্ৰা দিলে দেওবাৰে হঠাতে ৰাজভৱনলৈ গৈ ৰাজ্যপালক সৌৰভ গাংগুলীয়ে সাক্ষাৎ কৰা ঘটনাই।

দেওবাৰে দুপৰীয়া হঠাতে ৰাজভৱনত গৈ উপস্থিত হয় বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী।

হঠাতে পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকড়ৰ ওচৰলৈ সৌৰভ গাংগুলীৰ এই গমনে বিশেষ চৰ্চা লাভ কৰিছে।

অৱশ্যে,ৰাজ্যপালগৰাকীৰ সৈতে সৌৰভৰ এই সাক্ষাৎ কোনো ৰাজনৈতিক কাৰণত নে ক্ৰিকেট সম্পৰ্কীয় সেয়া নিশ্চিত হোৱা নাই।

সূত্ৰ অনুসৰি, সৌজন্যমূলক সাক্ষাতৰ বাবেহে ৰাজ্যপালৰ ওচৰলৈ গৈছিল সৌৰভ গাংগুলী। প্ৰায় আধা ঘন্টা সময় দুয়োজনৰ মাজত বৈঠক হোৱাৰ কথা জানিব পৰা গৈছে।

পশ্চিমবংগত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰধান মুখ হ’ব পাৰে সৌৰভ গাংগুলী। ইয়াকে লৈ দীৰ্ঘদিন ধৰি চৰ্চা অব্যাহত আছে।

ইপিনে, সৌৰভ গাংগুলীয়ে সাধাৰণভাৱে এই কথা অস্বীকাৰ কৰি আহিছে আৰু তেওঁ ক্ৰিকেটৰ সৈতেই যুক্ত হৈ থকাৰ কথা ব্যক্ত কৰিছে।

ইয়াৰ মাজতে দেওবাৰে হঠাতে ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথাই স্বাভাৱিকতে ৰাজ্যখনৰ ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে।

ৰাজ্যখনৰ ৰাজনৈতিক মহলত  সৌৰভ গাংগুলী বিজেপিৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব পাৰে বুলি চৰ্চিত হৈ আহিছে।

অৱশ্যে, অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা অবিহনেই বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ষ্পষ্ট কৰি দিছে।