NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত কেইবাটাও মদৰ ঘাটি উচ্ছেদ; চুলাই, লাওপানী প্ৰস্তুত কৰা সামগ্ৰী জব্দ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 19, 2020 6:14 pm
বিশ্বনাথত কেইবাটাও মদৰ ঘাটি উচ্ছেদ; চুলাই, লাওপানী প্ৰস্তুত কৰা সামগ্ৰী জব্দ

বিশ্বনাথ জিলাৰ আবকাৰী বিভাগে আজি জিলা খনৰ কেইবা ঠাইতো অভিযান চলাই  কেইবাটাও মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে যথেষ্ট পৰিমাণৰ দেশীয় চুলাই,  লাওপানী আৰু মদ তৈয়াৰ কৰিবলৈ সংৰক্ষণ কৰি ৰখা সামগ্ৰী নষ্ট কৰে।

ৰাজ্য খনত অব্যাহত থকা ল’কডাউনৰ সুযোগ গ্ৰহণ কৰি বিশ্বনাথ জিলাৰ কিছুমান ঠাইত একাংশ অসাধু ব্যৱসায়ীয়ে  দেশীয় সুৰা প্ৰস্তুত কৰা আৰু বিক্ৰী কৰি থকা গোপন খবৰৰ ভিত্তিত আজি অভিযান চলাই বিশ্বনাথৰ গলীয়া গিৰিন্টাৰ আৰু নীলপুৰৰ  চাৰিটাকৈ মদৰ ঘাটি  উচ্ছেদ কৰাৰ লগতে চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী জব্দ কৰে।

বিশ্বনাথৰ  আবকাৰী পৰিদৰ্শক শৰৎ চন্দ্ৰ তিমুং, উপ পৰিদৰ্শক জয়ন্ত বৰাৰ নেতৃত্বত যোৱা অভিযানকাৰী আবকাৰীৰ দলটোৱে জিলাখনৰ  কেইবাঠাইতো গোপনে চলি থকা দেশীয় সুৰা প্ৰস্তুত কৰা এই  মদৰ ঘাটি কেইটা উচ্ছেদ কৰে।

আবকাৰী বিভাগৰ অভিযানকাৰী দলটোৰ অভিযানৰ উমান পাই সুৰা ব্যৱসায়ৰ লগত জড়িত লোক সকলে পলাই যাবলৈ সক্ষম হয়।

আনহাতে, অভিযানত কোনো লোক গ্ৰেপ্তাৰ হোৱা নাই যদিও অভিযানকাৰী দলটোৱে প্ৰায় দহ লিটাৰ দেশীয় চুলাই, পোন্ধৰ লিটাৰ লাওপানী আৰু চুলাই বনাবলৈ মজুত ৰখা প্ৰায় ৬৫ লিটাৰ ‘পাছ’ জব্দ কৰি নষ্ট কৰি পেলায়।

বিশ্বনাথত অবৈধ সুৰা আৰু সুৰা তৈয়াৰ কৰা ভাটিৰ বিৰুদ্ধে এনে অভিযান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।