NORTHEAST NOW (Assamese)
অসম

“CABক বিৰোধিতা কৰা পলাশ চাংমাই বিজেপিলৈ” ভিত্তিহীন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2019 8:14 pm
Palash Changmai Reaction

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে গেৰুৱা দল বিজেপিত যোগদান কৰিব বুলি এটা নিউজ পৰ্টেলে কৰা বাতৰিক “মিছা” আৰু “ভিত্তিহীন” আখ্যা দিছে পলাশ চাংমায়ে।

তেওঁ এই বাতৰিক উদ্দেশ্যপ্ৰণোদিত বুলিও অভিযোগ কৰে।

“অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰে অন্যতম এটা জাতীয় সংগঠনৰ পবিত্ৰ মজিয়াত থাকি জাতীয় স্বাৰ্থত এজন কৰ্মী হিচাপে বহু কৰণীয় আছে বুলি ভাবো| এনেস্থলত মোৰ বিষয়ে উদ্দেশ্য প্ৰণোদিত ভাবে এনে বাতৰি প্ৰচাৰ কৰাটো হতাশাজনক”, বাতৰিটোৰ প্ৰতিক্ৰিয়া হিচাপে এটা মন্তব্যত জাতীয়তাবাদী নেতাজনে কয়।

আনহাতে পলাশ চাংমাইৰ বিৰুদ্ধে বাতৰি প্ৰতিষ্ঠানটোৱে এনেকুৱা ভিত্তিহীন বাতৰি প্ৰচাৰ কৰাত ক্ষুব্ধ হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অন্যান্য নেতা-কৰ্মী তথা সমৰ্থক।

ছ’চিয়েল মিডিয়াত সংবাদ প্ৰতিষ্ঠানটোক তুলধুনা দিয়া দেখা গৈছে। আনকি গোচৰ দিয়াৰো হুমকি দিয়ে।

টাইম এইট নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ ১৭ মে’ৰ বাতৰিটোত কোৱা হৈছিল যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে গেৰুৱা বসন পিন্ধিবলৈ মন মেলিছে।

“কেবৰ বিৰোধিতাৰে ৰাজ্য উত্তাল কৰা এইজন জাতীয়তাবাদী নেতা পলাশ চাংমায়ে এতিয়া মন মেলিছে গেৰুৱা বসন পিন্ধিবলৈ” ভিডিঅ’ৰ সৈতে পৰিৱেশন কৰা বাতৰিটোৰ মূল বক্তব্য এয়া।

বাতৰিটোত লগতে দাবী কৰা হৈছিল যে নেতাজনে বিজেপিলৈ যোৱাৰ মন মেলি ইতিমধ্যে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰে যোগাযোগ কৰিছে।

বাতৰি পৰিৱেশকে কয়, “পলাশ চাংমাইৰ মন বিধায়ক হোৱাৰ। গতিকে ৰাজ্যিক বিজেপিৰ নেতৃত্বক লগ কৰি সোণাৰি বিধানসভা সমষ্টিৰ পৰা টিকট বিচাৰিছে”।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বহিষ্কৃত নেতা যোৰহাটৰ পুতুল দত্তয়ো বিজেপিৰ সৈতে যোগাযোগ কৰা বুলি বাতৰিটোত কোৱা হৈছে। বহিষ্কৃত নেতা পুতুল দত্তৰ সৈতে সাঙুৰি বাতৰি পৰিৱেশন কৰা কথাটোতো আপত্তি কৰিছে পলাশ চাংমায়ে।

আনহাতে “মিছা বাতৰি”টোত ক্ষুণ্ণ হোৱা এজন সমৰ্থকে লিখিছে, “এইসকল বৈদ্যুতিন মাধ্যমে জাতীয়তাবাদী উদাত্ত কণ্ঠক ৰোধ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অসম তথা অসমীয়া জাতিৰ সৰ্বাংগীণ বিকাশৰ আন্দোলন ৰোধ কৰাৰ চেষ্টা কৰিছে”।

“এনে ধৰণৰ ভিত্তিহীন উদ্দেশ্যপ্ৰণোদিত সংবাদ নিশ্চিতভাৱে গৰিহণাৰযোগ্য”, আন এজনৰ মন্তব্য।

আন এজনে কয়, “পলাশ চাংমাই ডাঙৰীয়াক জনসমাজত হেও প্ৰতিপন্ন কৰিবলৈ এচাম ৰাষ্ট্ৰ সমৰ্থিত চক্ৰই ষড়যন্ত্ৰ ৰচনা কৰিছে”।