NORTHEAST NOW (Assamese)
অসম

তেলেংগানাৰ গৃহ মন্ত্ৰীৰ শৰীৰত কোভিড-১৯

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 29, 2020 8:57 pm

তেলেংগানাৰ গৃহ মন্ত্ৰী মহম্মদ মাহমুদ আলীৰ শৰীৰত দেওবাৰে ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ক’ৰ’না আক্ৰান্ত আলীক হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা স্বাভাৱিক বুলি জানিব পৰা গৈছে।

কিছুদিন পূৰ্বে মাহমুদ আলিৰ চাৰি গৰাকী দেহৰক্ষীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল আৰু ইয়াৰ পিছতে দেওবাৰে গৃহ মন্ত্ৰী গৰাকী ক’ৰ’না আক্ৰান্ত হয়।

তেলেংগানাৰ স্বাস্থ্য বিভাগে গৃহ মন্ত্ৰী গৰাকীৰ সংস্পৰ্শলৈ অহা সকলো লোকক কোৱাৰেণ্টাইনত থকাৰ বাবে আহ্বান জনোৱাৰ লগতে কণ্টাক ট্ৰেছিঙৰ ব্যৱস্থা কৰিছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী গৰাকী ক’ৰ’না আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে তেলেংগানাতো ক’ৰ’নাৰ সংক্ৰমণ ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

তেলেংগানৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে ৰাজ্যৰ স্বাস্থ্য বিভাগক অধিক সষ্টম হৈ কাম কৰাৰ বাবে নিৰ্দেশ দিছে।