NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিলৈ ২৪.৫৬ কোটিৰ চেক প্ৰদান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 22, 2020 3:20 pm

‍‘কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় পাঁচখন জিলাৰ জনসাধাৰণৰ সহযোগিতাৰে জিলা সমূহৰ প্ৰশাসন, আৰক্ষী আৰু বনবিভাগে সংঘবদ্ধ হৈ কৰা কামৰ বাবেই আমাৰ চৰকাৰৰ দিনত কাজিৰঙাত গঁড় হত্যা হ্ৰাস হৈছে’, এইদৰে কয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ তন্ত্ৰ পৰিচালনা প্ৰকল্পৰ পুঁজি বিতৰণ অনুষ্ঠানত অংশ লৈ মুখ্য মন্ত্ৰী সোণোৱালে লগতে ইয়াৰ বাবে পাঁচোখন জিলাৰ জনসাধাৰণ আৰু প্ৰশাসনক ধন্যবাদ দিয়ে আৰু সকলোকে চোৰাং চিকাৰীৰ বিৰুদ্ধে আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে দলবদ্ধভাৱে কাম কৰিবৰ বাবে আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানত ভাৰত চৰকাৰৰ জলবায়ু পৰিবৰ্তনৰ ৰাষ্ট্ৰীয় অনুকুলন কোষৰ পুঁজিৰে উল্লেখিত পাঁচখন জিলাৰ ৭ থন পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ জড়িয়তে ৰূপায়ন কৰিবলৈ লোৱা আঁচনিৰ বাবে প্ৰায় ২৪.৫৬ কোটি টকাৰ চেক বিতৰণ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ উপৰি জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ আৰু কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ উপস্থিত থাকে৷

কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানত উদ্দেশ্য বাখ্যা কৰি কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে জলবায়ু পৰিবৰ্তন প্ৰতিৰোধ কৰি কাজিৰঙাৰ জৈৱ বৈচিত্ৰতাক ৰক্ষা কৰাৰ বাবেই দেশৰ ভিতৰত প্ৰথম বাৰৰ বাবে পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ জড়িয়তে এই আঁচনি ৰূপায়ন কৰিবলৈ লোৱা হৈছে বুলি জনায়৷

বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় প্ৰংগনত আয়োজিত এই সভাত কাজিৰঙাৰ কাষৰীয় পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি বিষয় ববীয়া আৰু বিভিন্ন প্ৰকৃতি সংঘৰ প্ৰতিনিধিও উপস্থিত থাকে।

উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক প্ৰমোদ বৰঠাকুৰেও বক্তব্য ৰাখে।