NORTHEAST NOW (Assamese)
অসম

যোৰহাটত যুৱকৰ অবিবেচকী কাণ্ডৰ বাবে কোভিড১৯ত আক্ৰান্ত হ’ল পিতৃ-মাতৃ

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য June 22, 2020 3:12 pm
COVID19-positive-1-1140x570-750x375

যোৱা শনিবাৰে যোৰহাটৰ অৱৰুদ্ধ এলেকা হিচাপে ঘোষিত অঞ্চলত আৰু দুগৰাকী লোকৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে।

যোৰহাট জিলাৰ উপায়ুক্তই জনোৱা মতে কিছুদিন পূৰ্বে যোৰহাটৰ লক্ষ্যজ্যোতি বৰদলৈ নামৰ ২৯ বছৰীয়া যুৱকজনৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱাৰ পিছতে তেওঁৰ পিতৃ-মাতৃৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল।

আজি তেওঁৰ পিতৃ আৰু মাতৃ দুয়োগৰাকীৰ শৰীৰতে কোভিড১৯ পজিটিভ পোৱা গৈছে।

তেওঁলোকক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

“কালিলৈকে লক্ষ্যজ্যোতি বৰদলৈৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্পৰ্শলৈ অহা ২২১ গৰাকী লোকক চিনাক্ত কৰিছো। যুৱকজনৰ পিতৃ গড়কাপ্তানি বিভাগৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী। পিতৃৰ সংস্পৰ্শলৈ অহা সকলো কৰ্মচাৰীকে কোৱাৰেন্টাইন কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰা হ’ব।” যোৰহাট জিলা উপায়ুক্তগৰাকীয়ে কয়।

উল্লেখ্য যে, লক্ষ্যজ্যোতিৰ মাতৃ অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ সৈতে জড়িত হৈ আছে।

তেওঁ ভাতৃ আৰু মাতৃৰ সৈতে বিশ্ববিদ্যালয়ৰ পুৰণি কেম্পাচত থাকে আৰু পুত্ৰ লক্ষ্যজ্যোতিৰ সৈতে কেম্পাচৰ চুবুৰীয়াৰ জন্ম দিনৰ এক উৎসৱত অংশগ্ৰহণ কৰিছিল।

জন্মদিনৰ উৎসৱ আয়োজন কৰা কুমুদ চন্দ্ৰ বৰগোহাঁইৰ ছজনীয়া পৰিয়ালটোক ইতিমধ্যে জিলা প্ৰশাসনে কোৱাৰেন্টাইন কৰিছে।

ইফালে বিশ্ববিদ্যালয়ৰ কতৃপক্ষই ক’ৰ’নাতংকৰ বাবে বিশ্ববিদ্যালয়ৰ একাডেমিক কাৰ্যসূচীও বাতিল কৰিছে।

লক্ষ্যজ্যোতিৰ পত্নীৰ ভাতৃয়ো অসম কৃষি বিশ্ববিদ্যালয়স্থিত পুৰণি কেম্পাচৰ কমিউনিটি ছায়েন্স কলেজত কৰ্মৰত।

লক্ষ্যজ্যোতি বৰদলৈয়ে যোৱা ১৬ মে’ত ডিফুৰ পৰা নিজ গৃহলৈ উভতি আহি জ্বৰত আক্ৰান্ত হোৱাত জেএমচিএইচত চিকিৎসা কৰা হৈছিল আৰু তেওঁক স্বাস্থ্য বিভাগে কোৱাৰেন্টাইনত থাকিবলৈ পৰমাৰ্শ প্ৰদান কৰিছিল।

কিন্তু যুৱকজনে এই পৰামৰ্শ পালন নকৰি জন্ম দিনৰ উৎসৱৰ লগতে বিয়া সবাহতো অংশগ্ৰহণ কৰি ফুৰিছিল।

আনকি যুৱকজনে চিনামৰা অঞ্চলৰ মানুহ এঘৰত এটা ৰাতি কটাই আহিছিল বুলিও জানিব পৰা গৈছে।

জিলা প্ৰশাসনে ইতিমধ্যে উক্ত পৰিয়ালটোকো কোৱাৰেন্টাইন কৰিছে।