NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত কোৱাৰেন্টাইন চেন্টাৰত আত্মহত্যা এজন ব্যক্তিৰ

Posted by: মুকেশ কুমাৰ সিং Updated by: মুকেশ কুমাৰ সিং June 22, 2020 1:55 pm
suicide

ধুবুৰী চহৰৰ আজিজ ল’জত কোৱাৰেন্টাইন হৈ থকা সুনীল ৰয় নামৰ এগৰাকী ৫০বছৰীয়া ব্যক্তিয়ে সোমবাৰে পুৱা আত্মহত্যা কৰে।

ধুবুৰীৰ চক্ৰ বিষয়া জয় শংকৰ শৰ্মাই কয় যে যোৱা ১৪জুনত তেওঁৰ স্বাব নমুনাৰ সংগ্ৰহ কৰা হৈছিল আৰু যোৱা ১৭জুনৰ পৰীক্ষাৰ ফলাফলত তেওঁৰ নিগেটিভ পোৱা যায়।

যোৱা ১৯ জুনৰ পৰা মৃত ৰয় আজিজ ল’জত আছিল আৰু ৰিপ’ৰ্ট নিগেটিভ অহাৰ পাছত তেওঁক হোম কোৱাৰেন্টাইনত যাবলৈ নিৰ্দেশ দিয়া হৈছিল।

উক্ত ল’জৰ ১০৭নং কোঠাত তেওঁ চিপ লৈ আত্মহত্যা কৰে আৰু হোটেল কৰ্মীয়ে পাছত তেওঁক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।