NORTHEAST NOW (Assamese)
অসম

মিজোৰামত ৫.৩ প্ৰাবল্যৰ ভূমিকম্প; বিভিন্ন স্থানত ব্যাপক ক্ষতিসাধন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 22, 2020 3:26 pm

আজি ৰাতিপুৱা অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামক এটা ৫.৩ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়।

মধ্যমীয়া ধৰণৰ ভূমিকম্পটোৰ ফলত মিজোৰামত ভালেমান আবাসীক ঘৰ আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতি সাধন হয় বুলি জানিব পৰা গৈছে।

মিজোৰাম চৰকাৰে বৰ্তমানলৈ ভূমিকম্পৰ ফলত কোনোধৰণৰ লোকৰ প্ৰাণ হানি হোৱা নাই বুলি উল্লেখ কৰিছে।

ৰাষ্ট্ৰীয় ভূমিকম্পবিদ্যা কেন্দ্ৰৰ তথ্য অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৰ চেম্ফাই জিলাৰ জোকহাউথাৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আচিল।

ভূমিকম্পটোৰ ফলত চেম্ফাই জিলাৰ বিভিন্ন স্থানত সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে ৰাজধানী আইজলৰো বিভিন্ন স্থানত ক্ষতি হয়।

ভূমিকম্পটোৰ ফলত মিজোৰামৰ বিভিন্ন আৱাসিক গৃহৰ দেৱালত ফাট মেলাৰ লগতে চিলিং খহি পৰে। কিছু সংখ্যক গিৰ্জাৰো ক্ষতিসাধন হয়।

আনহাতে, বিভিন্ন স্থানত পথৰো ক্ষতি হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, দেওবাৰে ৫.১ প্ৰাবল্যৰ এটা ভূমিকম্পই মিজোৰামক জোকাৰি জোৱাৰ বিপৰীতে ১৮ জুনতো এটা ৪.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল।