NORTHEAST NOW (Assamese)
দেশ

পুনৰ লিভ ইন সংগীক হত্যা! কুকাৰেৰে মৰিয়াই প্ৰেমিকাক হত্যা যুৱকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 28, 2023 3:33 pm
live-in partner murder

পুনৰ পোহৰলৈ আহিছে লিভ ইন সংগীৰ হত্যাৰ ঘটনা। এইবাৰ এই কাণ্ড সংঘটিত হৈছে বাংগালুৰুত। লিভ ইনত থকা নিজ প্ৰেমিকাক কুকাৰেৰে মৰিয়াই মৰিয়াই হত্যা কৰিছে এগৰাকী যুৱকে। ইতিমধ্যে অভিযুক্ত যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শনিবাৰে সন্ধিয়া ৫ বজাত ভাড়াৰুমত থকা দুই প্ৰেমিক-প্ৰেমিকাৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। মূলত: যুৱতীগৰাকীয়ে প্ৰতাৰণা কৰা বুলি সন্দেহ কৰি যুৱকজনে দাবী কৰাৰ পিছতে দুয়ো কাজিয়াত লিপ্ত হয়।

প্ৰকাশিত খবৰ অনুসৰি, কেৰালাৰ বৈষ্ণৱ (২৯) আৰু দেৱা (২৪) দুয়োগৰাকী প্ৰায় দুবছৰ ধৰি বেংগালুৰুত একেলগে বাস কৰি আহিছিল। কলেজৰ পৰাই সম্পৰ্কত থকা দুয়ো বেংগালুৰুৰ কোৰমংগালাৰ প্ৰতিষ্ঠানত কৰ্মৰত আছিল।

শনিবাৰে হোৱা কাজিয়াৰ সময়ত বৈষ্ণৱে দেৱাক প্ৰেচাৰ কুকাৰেৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। দেৱাৰ ভগ্নীয়ে ফোনত যোগাযোগ কৰিব নোৱাৰি চুবুৰীয়াৰ লগত যোগাযোগ কৰাৰ পিছতহে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ইয়াৰ পিছতে চুবুৰীয়াই আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। জানিব পৰা মতে, এই ঘটনাৰ পিছত অভিযুক্ত বৈষ্ণৱে পলায়ন কৰে যদিও আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াবলৈ সক্ষম হয় আৰু লগে লগে গ্ৰেপ্তাৰ কৰে।

দুয়োৰে পৰিয়ালে তেওঁলোক একেলগে থকাৰ কথা জ্ঞাত আছিল বুলি আৰক্ষীয়ে জানিব পাৰিছে। আনহাতে বৈষ্ণৱৰ সন্দেহক লৈ তেওঁলোকৰ কাজিয়াৰ কথাও পৰিয়ালে জানিছিল আৰু এই সমস্যা সমাধানৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।

ইফালে দুয়ো সঘনাই কাজিয়াত লিপ্ত হৈছিল বুলি চুবুৰীয়াই আৰক্ষীক জনাইছে। অভিযুক্ত বৈষ্ণৱৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।