NORTHEAST NOW (Assamese)
অসম

ডিমৌৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ

Posted by: এন ই নাও নিউজ November 24, 2018 11:36 am
IMG-20181123-WA0005-750x375

শিৱসাগৰৰ ডিমৌ চাৰিআলিৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত যোৱা বৃহস্পতিবাৰে সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। আজি আলফাৰ তথ্য আৰু প্ৰচাৰ শাখাৰ সহকাৰী সম্পাদক মেজৰ অৰুণোদয় অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে এই কথা প্ৰকাশ কৰিছে।

পত্ৰখনত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰাৰ লগতে বিস্ফোৰণত নিহত হোৱা অনুপ গুপ্তা নামৰ লোকজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কৈছে যে অনুপ গুপ্তা তেওঁলোকৰ টাৰ্গেট নাছিল।

46860449_946347629089353_9170113815319150592_n
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলপা (স্বাঃ)ৰ বিবৃতি।

যোৱা ২২ নৱেম্বৰৰ সন্ধিয়া সংঘটিত গ্ৰেনেড বিস্ফোৰণত দুজন লোক নিহত হৈছিল।কমল আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা বিস্ফোৰণটোত অনুপ গুপ্তা নামৰ গ্ৰাহকজন থিতাতে নিহত হোৱাৰ লগতে হাস্পাতললৈ নিয়াৰ পথত কমল আগৰৱালাই মৃত্যুক সাৱটি লৈছিল।

বৃহস্পতিবাৰে অৰ্থাৎ ২২ নৱেম্বৰৰ সন্ধিয়া শিৱসাগৰৰ ডিমৌত সংঘটিত আই ই ডি বিস্ফোৰণৰ ঘটনাৰ লগত জড়িতৰ সন্দেহত ডিমৌ আৰক্ষীয়ে আজি ৮ জন লোকক আটক কৰিছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া ডিমৌত সংঘটিত বিস্ফোৰণৰ পাছত ডিমৌ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি বিস্ফোৰণৰ ঘটনাৰ লগত জড়িতৰ সন্দেহত ইতিমধ্যে ৮ জন লোকক আটক কৰিছে। আটকাধীন লোক কেইজন হৈছে ক্ৰমে প্ৰভাত সোণোৱাল, জীয়াউল হুছেইন, নিতুল হাজৰিকা, কিশোৰ পেটেল,পংকজ বৰা. বেদান্ত নাথ, ডিমাপুৰৰ টাংভিউ আৰু ইজ্জাল।

আনহাতে,নিহতসকলৰ পৰিয়ালক অসম চৰকাৰৰ হৈ থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে।