NORTHEAST NOW (Assamese)
অসম

নিচাযুক্ত দ্ৰব্যৰ সৈতে গ্ৰেপ্তাৰ দুজন সন্দেহযুক্ত বাংলাদেশী নাগৰিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 19, 2019 8:45 am
bna-1140x570

ত্ৰিপুৰা আৰক্ষীয়ে শনিবাৰে আগৰতলা ৰে’ল ষ্টেশ্যনৰ পৰা দুজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে বিয়লি প্ৰায় ৪-১৫ বজাত আগৰতলা ৰে’ল ষ্টেশ্যনৰ পৰা ম’বাইল টাস্ক ফ’ৰ্চে দুজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনক শ্বাহ আলম (১৮) আৰু জাফৰ হুছেইন (১৯) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে ধৃত লোক দুজনৰ জিম্মাৰ পৰা দুই কিলোগ্ৰাম শুকান গাঞ্জা বুলি সন্দেহ কৰা দ্ৰব্যৰ লগতে চাৰি কিলোগ্ৰাম সন্দেহযুক্ত নিচাজাতীয় (দ্ৰাগছ) সামগ্ৰী উদ্ধাৰ কৰিছে।

এন্টি নাৰ্কোটিকছ বিভাগে দ্ৰাগছ চিনাক্তকৰণ ‘কিটে’ৰে শুকান দ্ৰব্যখিনি পৰীক্ষা কৰি আছে। শুকান সামগ্ৰখিনি অতি উচ্চ প্ৰজ্বলক শক্তিবিশিষ্ট আৰু চিনাক্তকৰণ প্ৰক্ৰিয়াৰ সময়ত ‘কিট’টো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ পৰে।

গ্ৰেপ্তাৰ কৰা লোক দুজন আৰু জব্দকৃত সামগ্ৰীখিনি আনুষ্ঠানিক অনুসন্ধানৰ বাবে গৰ্ভণমেন্ট ৰে’লৱে পুলিচক গতাই দিয়া হৈছে।