NORTHEAST NOW (Assamese)
অসম

লাভ, চেক্স, ধ’কা, এল এচ দি, মাৰ্দাৰ?

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক May 19, 2019 11:28 pm
Love, sex, dhokha, LSD, heroin, murder? Guwahati police attempts decoding air hostess's 'death'

চেক্স নিশ্চিত; মাৰ্দাৰ, লাভ, ধ’কা? দ্ৰাগচ আছিল?— এল এচ দি, হেৰ’ইন, ক’কেই?

ঠিক এই প্ৰশ্নকেইটাৰ উত্তৰেই মহানগৰ আৰক্ষীক সহায় কৰিব পাৰে অপৰূপা দাস “মৃত্যু” ৰহস্য উদঘাটনত।

যোৱা শুকুৰবাৰে যিগৰাকী যুৱকৰ ঘৰত এয়াৰ হ’স্তেচ ছাত্ৰী অপৰূপাৰ মৃত্যু হৈছিল, তেওঁ এতিয়া আৰক্ষীৰ জিম্মাত। নাম ইক্ষাকু দাস।

যুৱতীগৰাকীৰ লগত যৌন সম্পৰ্ক, যিটো সন্মত প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত অপৰাধ নহয়, থকা বুলি ইতিমধ্যে সদৰী কৰিছে ইক্ষাকুৱে। কিন্তু লগতে কৈছে— তাই আছিল দ্ৰাগচ আসক্ত– দ্ৰাগচেই অপৰূপাৰ মৃত্যুৰ কাৰণ।

কিন্তু পৰিয়ালৰ লোকে মনা নাই ইক্ষাকুৰ ভাষ্য। দিচপুৰ থানাত তেওঁলোকে গোচৰ তৰিছে।

পৰিয়ালৰ মতে অপৰূপাই পূৰ্বে দ্ৰাগচ লৈছিল, কিন্তু সেয়া আগৰ কথা– এতিয়ালে এৰিছিল।

ইক্ষাকুৰ মতে, তেওঁ নাজানিছিল যে অপৰূপা দ্ৰাগচাসক্ত। “ছোৱালীজনী ড্ৰাগছ এডিক্টে’ড বুলি মই নাজানিছিলো। তাই ড্ৰাগছ লৈ আহিছিল। তাৰ পিছত বাথৰূমত সোমাই ড্ৰাগছ ল’লে আৰু তাতে শুই গ’ল। তাইৰ নিচা হৈছিল কাৰণে শুই গ’ল বুলি ভাবিছিলো। উশাহ দীঘল দীঘল হৈ গৈছিল। তাৰ পাছত মাকক ফোন কৰি ক’লো। তাৰ পাছত মই ডাউন-টাউন হাস্পতাললৈ আনিলো,” সংবাদ মাধ্যমত ইক্ষাকুৰ বক্তব্য।

দুয়োৰে পূৰ্বৰ পৰাই সম্পৰ্ক আছিল, জনা মতে।

ঘটনাৰ নিশাই ইক্ষাকুক আটক কৰাৰ পিছত শনিবাৰে দিচপুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু দেওবাৰে আদালতে তেওঁক পাঁচদিনৰ বাবে আৰক্ষী জিম্মাত দিছে।

আৰক্ষীৰ হাতত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দেওবাৰ-পৰ্য্যন্ত আহি পোৱা নাই, সেয়ে এতিয়াই বিশেষ একো ক’ব খোজা নাই।

“ঘটনাৰ প্ৰাথমিক অনুসন্ধানত যি তথ্য পোৱা গৈছে তাৰ ওপৰত ভিত্তি কৰিয়েই সকলো কথা ক’ব পৰা নাযায়। মৰণোত্তৰ পৰীক্ষাৰ তথ্য লাভ কৰাৰ পাছতহে প্ৰকৃত ঘটনাৰ উমান পোৱা যাব,” নৰ্থ ইষ্ট নাও-তদন্তকাৰী বিষয়া দেৱীকা সোণোৱালৰ মন্তব্য।

লগতে পঢ়িব পাৰে– গে’ম অৱ থ্ৰ’নচ! বিজেপিৰ সমীক্ষাত নিশ্চিহ্ন অগপ-বিপিএফ

৪০ বছৰীয়া ইক্ষাকু পেচাত ব্যৱসায়ী, ঘৰ মথুৰা নগৰ। ২২ বছৰীয়া অপৰূপা এয়াৰ হ’স্তেচ ছাত্ৰী, ঘৰ বামুণীমৈদাম, চেন্নাইত পঢ়ি আছিল।