NORTHEAST NOW (Assamese)
Popular Stories

Shruti Haasan: শ্ৰুতি হাছানৰ শৰীৰত বাহ লৈছে নতুন ৰোগ! ভীষণ যন্ত্ৰণাত ভূগিছে অভিনেত্ৰীগৰাকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 30, 2022 5:22 pm

Shruti Haasan অভিনেত্ৰী শ্ৰুতি হাছান ভীষণ শাৰীৰিক কষ্টত ভুগি আছে। চিকিৎসকে কৈছে যে কেৱল ঔষধেই নহয়, শাৰীৰিক সমস্যা হ্ৰাস কৰিবলৈ নিয়মীয়া ব্যায়ামৰ প্ৰয়োজন। সেয়েহে ঔষধৰ সৈতে শ্ৰুতিয়ে ইতিমধ্যে শাৰীৰিক ব্যায়ামৰ ওপৰত গুৰুত্ব দিছে।

হঠাতে এই শাৰীৰিক সমস্যাটোৱে শ্ৰুতিক উদ্বিগ্ন কৰি ৰাখিছে। তেওঁৰ বাবে কাম কৰাটো কঠিন হৈ পৰিছে। নতুন চলচ্চিত্ৰত কাম কৰাৰ বিষয়েও ভাবিবলগীয়া হৈছে অভিনেত্ৰীগৰাকীয়ে।

বৰ্তমান মন অত্যন্ত বেয়া শ্ৰুতিৰ। কমল হাছানৰ কন্যাগৰাকী চিন্তিত যে যদি তেওঁ কাম কৰিব নোৱাৰে তেন্তে তেওঁ অনুৰাগীৰ পৰা আঁতৰি থাকিব লাগিব।

শ্ৰুতিয়ে এতিয়া সোনকালে সুস্থ হ’বলৈ জিমত অধিক সময় অতিবাহিত কৰিছে।

উল্লেখ্য যে শ্ৰুতি বৰ্তমান অসমৰ যুৱক শান্তনু হাজৰিকাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে আৰু সোনকালেই বিবাহপাশত আৱদ্ধ হোৱাৰ কথাও চৰ্চাত আছে।

কিন্তু  কি হৈছে শ্ৰুতিৰ? চিকিৎসা পৰীক্ষাত প্ৰকাশ পাইছে যে শ্ৰুতি পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰোম আৰু এণ্ডোমেট্ৰিওচিছৰ দৰে গুৰুতৰ সমস্যাত ভুগি আছে।

শ্ৰুতিয়ে সংবাদ মাধ্যমক কয়, “হঠাতে, মই পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰোম আৰু এণ্ডোমেট্ৰিওচিছৰ দৰে শাৰীৰিক সমস্যাত আক্ৰান্ত হৈছো। মই মোৰ হৰমনৰ ভাৰসাম্য বজাই ৰাখিবলৈ সংগ্ৰাম কৰিব লাগিব। মন বেয়া যদিও মই ভাঙি পৰা নাই। এতিয়া মই এটা নিয়ন্ত্ৰিত জীৱন আৰু খাদ্যাভ্যাসৰ মাজত আছোঁ। শৰীৰ ঠিক নাথাকিলেও মই মনটো ভাল ৰাখিবলৈ চেষ্টা কৰিছো।”

শ্ৰুতিয়ে বৰ্তমান মিথুন চক্ৰৱৰ্তীৰ সৈতে এটা ৱেব ছিৰিজত অভিনয় কৰিছে। তদুপৰি, তেওঁৰ হাতত আছে কেইবাখনো ছবিৰ কাম।