NORTHEAST NOW (Assamese)
অসম

আন্তৰ্জাতিক শৰীৰচৰ্চা প্ৰতিযোগিতাত শীৰ্ষ স্থানেৰে উজলিল গোলাপ ৰাভা

Posted by: এন ই নাও নিউজ May 20, 2019 9:34 am
60545472_429499824390286_936358876901539840_n

পুনৰ অসমৰ এগৰাকী খ্যাতনাম শৰীৰচৰ্চাবিদ গোলাপ ৰাভাই আন্তৰ্জাতিক পৰ্যায়ত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ডব্লিউ ই এফ আৰু ডব্লিউ বি বি এফ প্ৰ’ শৰীৰচৰ্চা প্ৰতিযোগিতাৰ অম্বৰপ্ৰিক্স ইন্টাৰনেশ্যনেলত গোলাপ ৰাভাই সামগ্ৰিকভাৱে শীৰ্ষস্থান লাভ কৰিছে।

লিথুৱানিয়াত অনুষ্ঠিত প্ৰথিযোগিতাখনত প্ৰথমবাৰলৈ এগৰাকী শৰীৰচৰ্চাবিদে এইদৰে সামগ্ৰিকভাৱে প্ৰথম স্থান লাভ কৰিছে। যোৱা ১৭ মে’ৰ পৰা অনুষ্ঠিত য়ুৰোপৰ এই প্ৰতিযোগিতাখনত বিশ্বৰ কেইবাখনো দেশৰ শৰীৰচৰ্চাবিদে অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাখনত বিশ্বৰ আন সকলো প্ৰতিযোগীকে অতিক্ৰমি গোলাপ ৰাভাই শীৰ্ষস্থান দখল কৰে। অসম শৰীৰচৰ্চা সংস্থাই গোলাপ ৰাভাৰ এনে বিৰল কৃতিত্বৰ বাবে অভিনন্দন জনাইছে।

বিশ্ব শৰীৰচৰ্চা সংস্থাৰ সভাপতি পৰাগ চৌধুৰী আৰু সম্পাদক পংকজ চৌধুৰীয়ে গোলাপ ৰাভাই লাভ কৰা এই বিৰল কৃতিত্বৰ বিষয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও গোলাপ ৰাভাই আন্তৰ্জাতিক পৰ্যায়ত ঈৰ্ষণীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল। যোৱা বছৰ তেওঁ লিথুৱানিয়াত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰতিযোগিতাত মিষ্টাৰ ৱৰ্ল্ড-২০১৮’ খিতাপ অৰ্জন কৰিছিল। তদুপৰি, প্ৰতিযোগিতাখনৰ আন দুটা শাখাতো তেওঁ স্বৰ্ণ পদক অৰ্জন কৰিছিল।

আনহাতে, আন্তৰ্জাতিক পৰ্যায়ত উজলি উঠা গোলাপ ৰাভাই ২০০৮ চনতে জুনিয়ৰ মিষ্টাৰ অসম আৰু জুনিয়ৰ মিষ্টাৰ কামৰূপৰ খিতাপ জয় কৰিছিল।