NORTHEAST NOW (Assamese)
অসম

সুন্দৰীদিয়া সত্ৰত শ্ৰীশ্ৰী মাধবদেৱৰ আবিৰ্ভাব মহোৎসৱ: দেৱৰাজ সাপকোটাক”মাধবদেৱ বঁটা”প্ৰদান

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস May 21, 2019 6:59 am
e016ce5e-053e-476b-a04a-5b42e776de81

মাধবদেৱ বঁটা প্ৰাপক, দুজনা গুৰুৰ বাণীসমূহ নেপালী ভাষালৈ অনুবাদ কৰি গুৰুদুজনাক অইন জাতিৰ সৈতে পৰিচয় কৰি দিয়াত অন্যতম ভূমিকা পালন কৰা তথা বিশিষ্ট সাহিত্যিক,কাব্য শাস্ত্ৰী, ওদালগুৰি সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটাক সোমবাৰে সুন্দৰীদিয়া সত্ৰই প্ৰদান কৰে “মাধবদেৱ বঁটা”৷

মহাপুৰুষ শ্ৰীশ্ৰী মাধবদেৱৰ ১৪ বছৰ ছমাহ কাল নিবাসস্থল ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰত শনিবাৰৰে পৰা পালন কৰা শ্ৰীশ্ৰী মাধবদেৱৰ আবিৰ্ভাব মহোৎসৱৰ সোমবাৰে সন্ধিয়া অনুষ্ঠিত মুকলি সভাত দেৱৰাজ সাপকোটাক  “মাধবদেৱ বঁটা” প্ৰদান কৰা হয় ৷

সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত এই বঁটা প্ৰদান কৰা হয় ৷ বঁটাৰ সৈতে মান পত্ৰ, গামোচা, শৰাই, চেলেং, জাপি আৰু নগদ দহ হেজাৰ টকা প্ৰদান কৰা হয় ৷

তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত মহাপুৰুষজনাৰ ৫৩০ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সোমবাৰে সামৰণি পৰে ৷ মুকলি সভাত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসেও অংশগ্ৰহণ কৰে ৷