NORTHEAST NOW (Assamese)
অসম

“মা, মোৰ চিন হিচাপে মোৰ ল’ৰাটোক আপোনাক গতালো, ইয়াক ডাঙৰ মানুহ কৰিব”-শৰ্মিষ্ঠা

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ May 21, 2019 7:29 am
Sarmistha_Husband-1140x570

এক হৃদয় বিদাৰক ঘটনা। যোৱা ২৩ এপ্ৰিলত নিজ স্বামীৰ হাতত অগ্নিদগ্ধা হৈ দেওবাৰে মৃত্যু হৈছিল আমগুৰি বৰাহীবাৰীৰ ডিব্ৰুৱাল বচাশয়েক গাঁৱৰ বোৱাৰী শৰ্মিষ্ঠা চেতিয়াৰ। চাৰি বছৰৰ পূৰ্বে ৰিমণ গগৈৰ লগত ভালপোৱা সূত্ৰে বিবাহ পাশত আবদ্ধ হোৱা শৰ্মিষ্ঠা-ৰিমণৰ সাত মাহৰ পূৰ্বে এটা পুত্ৰ সন্তানৰ জন্ম হৈছিল।

“২৩ এপ্ৰিলৰ বিয়লি পুত্ৰৰ এক মাংগলিক কাৰ্যৰ বাবে কাক কাক মাতিব তাৰেই তালিকা বনাই আছিল শৰ্মিষ্ঠা-ৰিমণে। শৰ্মিষ্ঠাৰ মাকৰ ঘৰৰ মানুহক মাতিবলৈ অপৰাগ প্ৰকাশ কৰে ৰিমণে, তোৰ মাৰ ঘৰৰ মানুহক মোৰ ভাল নালাগে। লগে লগে শৰ্মিষ্ঠই ক’লে যদি মোৰ মাৰ ঘৰৰ মনুহক নামাতা তোমাৰ ঘৰৰ মিতিৰৰ মানুহকো মাতিব নালাগে। সেই সামান্য কথাতে তাৰ খং উঠিল আৰু এখন দা হাতত লৈ ঘৰৰ আলমাৰি চকী টেবুল কাটিবলৈ ধৰিলে আৰু আলমাৰিৰ পৰা কাপোৰ উলিয়াই আনি কেৰাচিন তেল ঢালি জ্বলাই দিয়ে। তাৰ পিছত মোকো তেল ঢালি জ্বলাই দিয়ে সি,’’- মৃত্যুৰ পূৰ্বে দিয়া শৰ্মিষ্ঠাৰ এয়া আছিল শেষ বক্তব্য।

IMG-20190521-WA0004
হত্যাৰ বলি শৰ্মিষ্ঠা আৰু ইনছেটত পুত্ৰ সন্তানটি।

মৃত্যুৰ পূৰ্বে নিজৰ সন্তানৰ কথা ভাবি মাকক কৈছিল, “মা মোৰ চিন হিচাপে ল’ৰাটোক আপোনাক গতালো, ইয়াক ডাঙৰ মানুহ কৰিব। সেই ঘৰ খনলৈ কাহানিও নপঠিয়াব। তাত ল’ৰাটোৰ কোনো ভৱিষ্যত নাই।”

ঘটনাৰ খবৰ লাভ কৰি শৰ্মিষ্ঠাৰ পিতৃয়ে ২৪ এপ্ৰিলত জোঁৱায়েক ৰিমণৰ বিৰুদ্ধে আমগুৰি থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৫৬/৩০৭ ধাৰাৰ অধীনত ৫৬/২০১৯ নম্বৰৰ অটা গোচৰ ৰুজু কৰে।

অৱশ্যে, যোৱা ১২ মে’ত ৰিমণে আমগুৰি থানাত আত্মসমৰ্পণ কৰে আৰু আৰক্ষীয়ে ১৩ মে’ত জেইল হাজোতলৈ প্ৰেৰণ কৰে। আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে, শৰ্মিষ্ঠাই খৰিৰ জুইত ভাত ৰান্ধি থাকোতে তেওঁ পৰিধান কৰা কাপোৰত জুই লাগি অগ্নিদগ্ধ হয় আৰু জুই নুমোৱাবলৈ যাঁওতে তেওঁৱো সামান্য অগ্নিদগ্ধ হয়।

ইপিনে, শৰ্মিষ্ঠাৰ পিতৃ মাতৃৰ অভিযোগ বিয়াৰ পাছৰে পৰা বহুবাৰ ৰিমণে শৰ্মিষ্ঠাক পিতৃগৃহৰ পৰা টকা আনিবলৈ হেঁচা দি অহাৰ লগতে মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰি আহিছিল। যাৰ বাবে বহুবাৰ শৰ্মিষ্ঠাক পিতৃ মাতৃয়ে নিজ গৃহলৈ লৈ আহিছিল।

আনহাতে, দেওবাৰে শৰ্মিষ্ঠাৰ ডিব্ৰুগড়ত মৃত্যু হোৱাত শৰ্মিষ্ঠাৰ মৃতদেহ তেওঁৰ পৰিয়ালৰ লোকে ৰিমণৰ ঘৰৰ চোতালত সৎকাৰ কৰাক লৈ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। পাছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

নিজ পত্নীক তেল ঢালি জ্বলাই হত্যা কৰি বীৰত্ব দেখুওৱা এই কাপুৰুষ ৰিমণ গগৈৰ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে শৰ্মিষ্ঠাৰ পিতৃ মাতৃৰ লগতে স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে।