NORTHEAST NOW (Assamese)
অসম

নগাঁৱত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত শিশু দিৱস উদযাপন

Posted by: মিণ্টু দাস November 15, 2018 8:11 am
childrens' day celebration at Nagaon

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলাতো বুধবাৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উলহ-মালহৰে শিশু দিৱস উদযাপন কৰে।

জিলাখনৰ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক লোকনাথ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত শিশু দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অথিতি হিচাপে অংশগ্ৰহণ কৰে প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাই। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে গীত নিত্য আদি পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ মুখ্য কাৰ্যালয়ত শিশু দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ছাফাই অভিযান আৰু গছপুলি ৰোপনৰ লগতে শিশুসকলৰ মাজত ছবি অঁ‌কা, সাধুকোৱা, গীত-নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইয়াৰ উপৰি নগাঁও জিলা সাহিত্য সভাৰ কুঁ‌হি উপ সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে কমলাদেৱী টোডী ভৱনত শিশু দিৱস উদযাপন কৰা হয়। জিলা উপ সভাপতি নিত্যানন্দ বৰাই পণ্ডিত নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা শিশু দিৱসৰ অনুষ্ঠানটোত শিশুসকলৰ মাজত ভুপেন্দ্ৰ সংগীত আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন হয়।

আনহাতে, নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ দিলীপ বৰাই পণ্ডিত নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা শিশু দিৱসৰ সাংস্কৃতিক কার্যসূচীত বিশিষ্ট কণ্ঠশিল্পী বিমান বৰুৱাই অংশগ্ৰহণ কৰে।