NORTHEAST NOW (Assamese)
অসম

দিচাং নদীৰ বুকুত সম্পূৰ্ণৰূপে জাহ যোৱাৰ উপক্ৰম ঐতিহাসিক দৌলেশ্বৰ আটাৰ থান

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 21, 2019 3:55 pm
IMG-20190521-WA0014

শিৱসাগৰৰ দিচাং নদীৰ  ভয়াৱহ খহনীয়াৰ কৰাল গ্ৰাসত পৰি নিচিহ্ন হোৱা উপক্ৰম হৈছে ঐতিহাসিক দৌলেশ্বৰ আটাৰ থান। মহাপুৰুষীয়া পাঁচখন কাল সংহতি সত্ৰৰ ভিতৰত এখন অন্যতম সত্ৰ হৈছে চেঁচাসত্ৰ।

আহোম ৰাজ শাসনৰ সময়ত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা চেঁচাসত্ৰৰ এটি থাল আহি শিৱসাগৰ জিলাৰ ডিমৌমুখৰ  দিচাংনদীৰ পাৰত সত্ৰ স্থাপন কৰিছিল। উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, আৰু উত্তৰ অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ জিলা আৰু প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশতো কেইবা লাখ শিষ্য থকা চেঁচা গোঁসাইৰ পুৰণি সত্ৰ খন বৰ্তমান যোৰহাট জিলাৰ টীয়কৰ জহাখাটলৈ স্থানান্তৰিত হয়।

চেঁচাসত্ৰৰ আটাপুৰুষ দৌলেশ্বৰ আটাৰ সমাধিস্থলক কেন্দ্ৰ কৰি বৃটিছৰ আমোলৰ পৰাই সত্ৰৰ শিষ্য-প্ৰশিষ্য সকলে এখন থান প্ৰতিষ্ঠা কৰি পূজা -অৰ্চনা কৰি আহিছিল। লোক বিশ্বাস  অনুসৰি এই থানত শুদ্ধ মনেৰে পূজা -অৰ্চনা কৰিলে ব্যক্তিৰ মনোবাঞ্ছা পুৰণ হয় ।

সম্প্ৰতি দিচাং নদীৰ খহনীয়াৰ কবলত পৰিছে ঐতিহাসিক থান খন। থান খনৰ মুঠ মাটি কালিৰ দুই তৃতীয়াংশ নদীৰ বুকুত ইতিমধ্যে জাহ গৈছে।

দিচাং নদীৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে ডিমৌমুখৰ ৰাইজে জলসম্পদ বিভাগক একাধিক বাৰ অনুৰোধ কৰিছিল যদিও বিভাগটোৱে বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।