NORTHEAST NOW (Assamese)
অসম

৩ বজালৈ হোৱা ভোটগণনাত অসমৰ কোনকেইটা সমষ্টিত কোনগৰাকী প্ৰাৰ্থীৰ প্ৰায় জয় নিশ্চিত হৈছে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2019 3:07 pm
Loksabha election 2019: Assam's 'on the way' MP's

অসমৰ ১৪ টা সমষ্টিত ৩ বজালৈ বিভিন্ন দলৰ অগ্ৰগতি

বিজেপি-৯ টা

কংগ্ৰেছ- ১ টা

অগপ- ১ টা

এ আই য়ু ডি এফ- ২ টা

অন্যান্য- ১ টা

স্বায়ত্ত শাসিত পৰিষদ লোকসভা সমষ্টিঃ বিজেপিৰ হৰেণ সিং বে কংগ্ৰেছৰ বিৰেণ সিং ইংতিতকৈ ৯৩,০৭১ টা ভোটত অগ্ৰগতি লাভ কৰি আছে।

বৰপেটা লোকসভা সমষ্টিঃ বৰপেটাত মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাস কংগ্ৰেছৰ আব্দুল খালেকতকৈ ২৭,৮০১ টা ভোটত আগবাঢ়ি আছে।

ধুবুৰী লোকসভা সমষ্টিঃ এ আই য়ু ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীতকৈ ১,৫৯,১৭৩ টা ভোটত আগবাঢ়ি আছে।

ডিব্রুগড় লোকসভ সমষ্টিঃ ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ ৰামেশ্বৰ তেলী কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰতকৈ ২,৬৩,১২৪ টা ভোটতত আগবাঢ়ি আছে।

গুৱাহাটী লোকসভা সমষ্টিঃ বিজেপি প্ৰাৰ্থী কুইন কংগ্ৰেছৰ ববিতা শৰ্মাতকৈ ১৪,৩৪৫ টা ভোটত আগবাঢ়ি আছে।

যোৰহাটত লোকসভা সমষ্টিঃ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইতকৈ ৭১,৫১৭ টা ভোটত আগবাঢ়ি আছে।

কলিয়াবৰ লোকসভা সমষ্টিঃ কংগ্ৰেছৰ গৌৰৱ গগৈ মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী মনিমাধৱ মহন্ততকৈ ৭৮,১৩১  টা ভোটত আগবাঢ়ি আছে।

কৰিমগঞ্জ লোকসভ সমষ্টিঃ এ আই য়ু ডি এফৰ প্ৰাৰ্থী ৰাধেশ্বাম বিশ্বাস বিজেপিৰ কৃপানাথ মাল্লাতকৈ ৬৯,৮৩৬ টা ভোটত আগবাঢ়ি আছে।

কোকৰাঝাৰ লোকসভা সমষ্টিঃ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্মতকৈ ৩৬,২২৫ টা ভোটত আগবাঢ়ি আছে।

লক্ষীমপুৰ লোকসভা সমষ্টিঃ বিজেপিৰ প্ৰদান বৰুৱা কংগ্ৰেছৰ অনিল বৰগোহাঁইতকৈ ২,৮৩,৩১৯ টা ভোটত আগবাঢ়ি আছে।

মঙলদৈ লোকসভা সমষ্টিঃ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া কংগ্ৰেছৰ ভূৱনেশ্বৰ কলিতাতকৈ ১,৪৯,০৫৯ টা ভোটত আগবাঢ়ি আছে।

নগাঁও লোকসভ সমষ্টিঃ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈতকৈ ৩২,৪৬৮ টা ভোটত আগবাঢ়ি আছে।

শিলচৰত লোকসভ সমষ্টিঃ বিজেপিৰ ৰাজদ্বীপ ৰয় কংগ্ৰেছ প্ৰাথী সুস্মিতা দেৱ বৰ্মনতকৈ ৩৫,৯৯৩ টা ভোটত আগবাঢ়ি আছে।

তেজপুৰ লোকসভা সমষ্টিঃ তেজপুৰত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস কংগ্ৰেছৰ এম জি ভি কে ভানুতকৈ ১,১৫,৯২৬ টা ভোটত আগবাঢ়ি আছে।