NORTHEAST NOW (Assamese)
অসম

চোৰাংভাৱে কয়লা খনন কৰিবলৈ গৈ মাৰ্ঘেৰিটাৰ নামদাঙত এজনে হেৰুৱালে জীৱন

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 22, 2019 8:27 am
18881942_717721895097728_7723527117357619009_n-750x375

কয়লা চিণ্ডিকেট আৰু চোৰাং কয়লা বেহাকলৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ মাজতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাং অঞ্চলত সোমবাৰে পুৱা অবৈধভাৱে চোৰাং কয়লা খনন কৰিবলৈ গৈ এজন লোকে কৰুণ মৃত্যুক আকোৱালি লয়।

জনৈক মুনা আহমেদ, শৰৎ আৰু অৰুপ পাল নামৰ তিনি কয়লা মাফিয়াই গোলাঘাটৰ ৰঙা মাটিৰ শ্ৰমিক জনক এই কামত নিয়োজিত কৰিছিল বুলি এটা সূত্ৰত প্ৰকাশ। এই পৰ্যন্ত শ্ৰমিকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

ইফালে অন্য এক সূত্ৰই এই ঘটনা চাংলাঙৰ আৰধাৰাত সংঘটিত হোৱা  বুলি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে এনেধৰণে অবৈধ কয়লা খনন আৰু সংগ্ৰহ কৰিবলৈ গৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনা এইটো প্ৰথম নহয়। সুদীৰ্ঘ বছৰ ধৰি পাটকাই পৰ্বতৰ বিভিন্ন স্থানত অসাধু ব্যৱসায়ীয়ে গঢ়ি তোলা অবৈধ আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙত কয়লা খনন আৰু সংগ্ৰহ কৰিবলৈ গৈ বহু সাধাৰণ শ্ৰমিকে প্ৰাণ হেৰুৱাইছে।

বিগত প্ৰায় ১৫ বছৰত এনে বহু ঘটনাৰ কথা প্ৰচাৰিত হৈছে। কিন্ত সিংহভাগ ঘটনাৰ সত্যতা পোহৰলৈ নাহে। এনেধৰণৰ ঘটনা কেৱল কয়লা মাফিয়া বা আৰক্ষীৰ হেচাতেই গাপ দি অহাৰ অভিযোগ উঠি আহিছে যদিও ইয়ে একমাত্ৰ কাৰণ নহয়।

এক বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে এনেধৰণৰ ঘটনাত নিহত শ্ৰমিকৰ নিকট আত্মীয়ই তেতিয়াহে সংশ্লিষ্ট্ৰ কয়লা ব্যৱসায়ীৰ দ্বাৰা এককালীন ক্ষতিপূৰণ লাভ কৰে যেতিয়া উক্ত ঘটনাটো পোহৰলৈ নাহে। সেইবাবে আত্মীয়জনক হেৰুৱাইয়ো পৰিয়ালৰ লোকে ভৱিষ্যতৰ স্বাৰ্থত আৰক্ষীৰ কাষ নাচাপে তথা সংবাদমাধ্যমৰ আগত মুখ নেমেলে।

সোমবাৰৰ এই কৰুণ ঘটনাৰ পাছতো এই পৰ্যন্ত কোনো লোক আৰক্ষীৰ কাষ চপা নাই বুলি জানিবলৈ দিছে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন্দ্ৰনাথ চমুৱাই।

অৱশ্যে নিশা উক্ত দুৰ্গম অঞ্চলত অভিযান চলোৱাটো সম্ভৱপৰ নহয় বাবে পুৱা এই ঘটনাৰ সত্যতা বিচাৰি অভিযান চলাব বুলি প্ৰকাশ কৰিছে।

এনে অবৈধ মাইনিং মৃত্যূৰ কিৰিলি হোৱাৰ পাছতো কেৱল পেটৰ তাড়না তথা এই অঞ্চলত সুদীৰ্ঘ বছৰ ধৰি গঢ় লৈ উঠা চোৰাং কয়লা বেহা নিৰ্ভৰশীল অৰ্থনীতিৰ বাবেই এইদৰে শ শ শ্ৰমিক জড়িত হৈ আহিছে। আনহাতে সমগ্ৰ ঘটনাই মাৰ্ঘেৰিটা মহকুমাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।