NORTHEAST NOW (Assamese)
Popular Stories

কিয় আঁতৰিল ‘চকীদাৰ’? জনালে আব্দুল খালেকে

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস May 24, 2019 3:15 pm

কালি ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফলত বৰপেটা লোকসভাৰ পৰা নিৰ্বাচিত হোৱা কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে যোৱা নিশা সংবাদ মাধ্যমৰ আগত আগবঢ়ায় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।

আমেথিত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী পৰাজিত হোৱা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত খালেকে কয় যে নিৰ্বাচনত জয় পৰাজয় থাকে বাবেই বাজপেয়ী ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়েও পৰাজিত হৈছিল। ‘আমেথিত চক্ৰবেহুৰ দৰে ৰাহুল গান্ধীক শাসকীয় পক্ষই ঘেৰি ধৰিছিল’ তেওঁ কয়।

আনহাতে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰৰ পৰা ‘চকীদাৰ’ উপাধি প্ৰত্যাহাৰ কৰা ত্যাগ কৰা সম্পৰ্কতো মন্তব্য কৰে খালেকে। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰচাৰত বিতত হৈ মোদীয়ে ‘চকীদাৰ’ উপাধি গ্ৰহণ কৰা বুলি উল্লেখ কৰি ফলাফলৰ পিছত ইয়াৰ প্ৰয়োজন নথকাৰ বাবে ‘চকীদাৰ’ উপাধি ত্যাগ কৰে বুলি কয় বৰপেটা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী আব্দুল খালেকে।