NORTHEAST NOW (Assamese)
অসম

কাইলৈ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফল ঘোষণা; upolobdha নামৰ এপৰ উপৰি চাব পাৰিব কেইবাটাও ৱেবছাইটত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 24, 2019 4:51 pm
AHSEC

কাইলৈ, অৰ্থাৎ ২৫ মে’ত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। পৰীক্ষাটোৰ আয়োজক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুৱা ৯ বজাতেই ফলাফল উপলব্ধ হ’ব বুলি জানিবলৈ দিছে।

শিক্ষা সংসদে জনোৱা মতে, পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ সুবিধাৰ বাবে ‘উপলব্ধ’ নামেৰে এটা এপ মুকলি কৰা হৈছে, যিটোত সহজে ফলাফল ল’ব পাৰিব।

এপটোৰ উপৰি সংসদৰ মূল ৱেবছাইট http://ahsec.nic.inলৈ গৈও ফলাফল চাব পাৰিব। তলত উল্লেখ কৰা ৱেবছাইটকেইটাৰ জৰিয়তে পৰীক্ষাৰ্থীয়ে ফলাফল নম্বৰ তালিকাসহ লাভ কৰিব পাৰিব।

  • www.hsinfo.in
  • wwwahsec.nic.in
  • www.indiaresults.com
  • www.knowyourresult.com
  • www.examresult.net
  • www.resultd.shiksha
  • www.exametc.com
  • www.schools9.com
  • www.jagranjosh.com
  • www.resultsamarujala.com
  • www.assamresult.in
  • www.iresults.net
  • www.eduassam.com

 

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবাৰ তিনিটা শাখাত মুঠ ২,৪২,৮৪৩গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰে ১,৮৬,১৮৭ গৰাকী কলা শাখাৰ; ৩৭,৮৫৫ গৰাকী বিজ্ঞান শাখাৰ আৰু ১৮,২৯১ গৰাকী বাণিজ্য শাখাৰ।

যোৱাবছৰ শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে এইবাৰৰ ফলাফলত শীৰ্ষ ১০ জন কৃতী ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰকাশৰ পৰম্পৰা নথকাৰ কথা ঘোষণা কৰিছিল।