NORTHEAST NOW (Assamese)
অসম

বিজ্ঞানত উত্তীৰ্ণৰ হাৰত প্ৰথমস্থান শিৱসাগৰ জিলাৰ; ভূতত্ত্ব সৰ্বোচ্চ নম্বৰ কৃতিকা ফুকনৰ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ May 25, 2019 6:38 pm
আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিজ্ঞান শাখাত অসমৰ ভিতৰত উত্তীৰ্ণৰ হাৰত শিৱসাগৰ জিলাই প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। জিলাখনৰ পৰা বিজ্ঞান শাখাৰ পৰীক্ষাত অৱৰ্তীণ হোৱা ১০৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ৯৬৬ গৰাকী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৯৩.৪৩ শতাংশ।
ইয়াৰে ৬৩৩ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে, দ্বিতীয় বিভাগত ৩০৪ গৰাকী আৰু তৃতীয় বিভাগত ২৯ গৰাকী উত্তীৰ্ণ হয়।
আনহাতে কলা শাখাত জিলাখনৰ পৰা অৱৰ্তীৰ্ণ হোৱা ৫২১৮ গৰাকী শিক্ষাৰ্থীৰ ৪৪০০ গৰাকী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৮৪.৩২ শতাংশ। কলা শাখাত ১০২৬ গৰাকী প্ৰথম বিভাগত, ১৫৩৬ গৰাকী দ্বিতীয় বিভাগত আৰু ১৮৩৮ গৰাকী তৃতীয় বিভাগত উতীৰ্ণ হয়। ঠিক সেইদৰে বাণিজ্য শাখাত ২৮৪ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৭৫ গৰাকী প্ৰথম বিভাগত, ৮৬ গৰাকী দ্বিতীয় বিভাগত আৰু ১০৫ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৯৩.৬৬ শতাংশ।
ইষালে আজিৰ ফলাফল অনুসৰি ৰাজ্যখনৰ ভিতৰতে ভূতত্ত্ব বিভাগত সৰ্বোচ্চ নম্বৰ পাই শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰ্যভট্ট একাডেমীৰ এগৰাকী ছাত্ৰীয়ে। ভূতত্ত্ব বিষয়ত ৯৪ লাভ কৰা কৃতিকা ফুকন নামৰ ছাত্ৰী গৰাকীৰ এই সাফল্যক লৈ আৰ্যভট্ট একাডেমিত এক উৎসৱমূখৰ পৰিৱশেৰ সৃষ্টি হয়।