NORTHEAST NOW (Assamese)
অসম

কাৰ্ডছৰ উদ্যোগত নগাঁৱত মুকলি হ’ল হস্ততাঁতৰ কাৰিকৰী আৰু প্ৰশিক্ষণ কেন্দ্ৰ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী April 1, 2022 5:21 pm
কাৰ্ডছৰ উদ্যোগত নগাঁৱত মুকলি হ’ল হস্ততাঁতৰ কাৰিকৰী আৰু প্ৰশিক্ষণ কেন্দ্ৰ

চৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট চ’ছাইটি, চমুকৈ কাৰ্ডছৰ উদ্যোগত আজি নগাঁৱৰ চাপৰমুখত দ্বিতীয়টি হস্ততাঁতৰ কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়।

কাৰ্ডছৰ সভানেত্ৰী শ্বাহিন হুছেইনৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত শুভাৰম্ভনি কৰে পঞ্চায়তৰ সভাপতি পুষ্পেন্দ্ৰ শইকীয়াই।

হস্ততাঁত শিল্পীসকলৰ কল্যাণৰ লগতে বিভিন্ন কাৰিকৰী প্ৰশিক্ষণৰ উদ্দেশ্যে এই অনুষ্ঠানটি মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে।

সূতাৰ নাটনিৰ বাবে তথা সূতাৰ দাম বৃদ্ধি হোৱাৰ পাছতো হস্ততাঁতৰ লগত জড়িত শিপিনী সকলৰ ভৱিষ্যতৰ বাবে কাৰ্ডছৰ এই পদক্ষেপ আদৰণীয় বুলি বিভিন্নজনে প্ৰশংসা কৰিছে।