NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ

Posted by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা April 1, 2022 5:44 pm
মাৰ্ঘেৰিটাত মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ

আজি ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা শাখা সমিতি আৰু টিৰাপ-জাগুন আঞ্চলিক সমিতি কৰ্মীসকলে মাৰ্ঘেৰিটা ব্লক তিনিআলিস্থিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সমগ্ৰ দেশৰ লগতে ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী,পেট্ৰলজাত সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খনৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদস্থলীত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচীৰে প্ৰতিবাদ সাৱস্ত্য কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনতিপলমে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়।

অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি সকিয়াই দিয়ে ।