NORTHEAST NOW (Assamese)
অসম

পাঠশালালৈ যোৱাৰ পথৰ পৰাই নিৰুদ্দেশ মাক-পুতেক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2019 7:35 am

বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত পাটলাৰ পৰা এগত মহিলা সন্তানসহ নিৰুদ্দেশ হৈ থকাৰ ঘটনা পোহৰলৈ আহিছে।  সন্ধানহীন মহিলা গৰাকীক মামণি দাস বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণি মতে ১৭ মে’ৰ পুৱা পাটলাৰ বিপুল দাসৰ পত্নী মামণি দাসৰ মহিলাগৰাকীৰ মোবাইললৈ এটা ফোন কল আহে। ইয়াৰ পিছতে মহিলাগৰাকীয়ে নিজৰ এঘাৰ বছৰীয়া পুতেকক লগত লৈ পৰিয়ালৰ লোকক পাঠশালালৈ যাম বুলি ঘৰৰ পৰা ওলাই গৈছিল। আৰু তেতিয়াৰে পৰা মাক-পুতেক দুয়ো সন্ধানহীন হৈ আছে।

ইফালে মহিলাগৰাকীৰ স্বামী তথা পৰিয়ালৰ লোকে মাক-পুতেকক সম্ভাৱ্য সকলো স্থানতে বিচাৰ-খোচাৰ কৰিও কোনো শুং-সূত্ৰ লাভ কৰবিলৈ সক্ষম নহ’ল। অৱশেষত মহিলাগৰীকৰ গিৰিয়েক বিপুল দাসে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে গিৰিয়েকে দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি মাক-পুতেকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।