NORTHEAST NOW (Assamese)
অসম

কাৰাগাৰত সশস্ত্ৰ আক্ৰমণ চলাই ৪ হাজাৰ কয়দীক উলিয়াই নিলে দুৰ্বৃত্তই!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 4, 2024 12:28 pm

কেৰিবিয়ান দেশ হাইটিত সংঘটিত হৈছে এই ঘটনা। দেশৰ এখন কাৰাগাৰত সশস্ত্ৰ আক্ৰমণ চলাই দুৰ্বৃত্তই উলিয়াই লৈ ​​যায় প্ৰায় ৪ হাজাৰ কয়দীক।

এই কাৰাবন্দীসকলৰ ভিতৰত দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জোভেনেল ম’ছৰ হত্যাকাণ্ডৰ সৈতে জড়িত গেঙৰ সদস্যসকলো আছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হাইটিৰ ৰাজধানী প’ৰ্ট অ’ প্ৰিন্সৰ মূল কাৰাগাৰত সশস্ত্ৰ দুৰ্বৃত্তই আক্ৰমণ কৰে। স্থানীয় এক সাংবাদিকে জানিবলৈ দিয়া মতে, ৪ হাজাৰ কয়দীৰ অধিকাংশই পলায়ন কৰিছে।

শেহতীয়া বছৰবোৰত আটাইতকৈ দৰিদ্ৰ দেশ হাইটিত হিংসাত্মক পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। প্ৰধানমন্ত্ৰী এৰিয়েল হেনৰীক উৎখাত কৰিবলৈ কাম কৰা সশস্ত্ৰ গোটসমূহে হাইটিৰ ৰাজধানী প’ৰ্ট অ’ প্ৰিন্সৰ প্ৰায় ৮০ শতাংশ নিয়ন্ত্ৰণ কৰে।

লগতে পঢ়কঃ বিজেপিৰ প্ৰাৰ্থী তালিকাত নাই নাম; ৰাজনীতিৰ পৰাই সন্ন্যাস ল’লে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধনে!

বাতৰি অনুসৰি, যোৱা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে হিংসাৰ শেহতীয়া কাণ্ড। সেইদিনা দেশখনৰ প্ৰধানমন্ত্ৰীয়ে নাইৰোবি ভ্ৰমণ কৰি কেনিয়াৰ নেতৃত্বত বহুজাতিক নিৰাপত্তা বাহিনী হাইটিলৈ প্ৰেৰণৰ বিষয়ে আলোচনা কৰে।

তেতিয়াই গেং লিডাৰ জিমি চেৰ্জিয়েৰে (ডাকনাম ‘বাৰ্বিকিউ’) তেওঁক (প্ৰধানমন্ত্ৰী এৰিয়েল হেনৰী) অপসাৰণ কৰিবলৈ সমন্বিত আক্ৰমণৰ কথা ঘোষণা কৰে। প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে কয় যে আমি সকলো প্ৰাদেশিক চহৰসমূহৰ সশস্ত্ৰ গোট আৰু ৰাজধানীৰ সশস্ত্ৰ গোটসমূহ একত্ৰিত।

ৰাজধানী প’ৰ্ট অ’ প্ৰিন্সত সংঘটিত কেইবাটাও হত্যাকাণ্ডৰ আঁৰত গেং লীডাৰ জিমি চেৰ্জিয়েৰ বুলি অনুমান কৰা হৈছে।

সমন্বিত আক্ৰমণৰ কথা ঘোষণা কৰাৰ পিছতে এই গুলীচালনাত চাৰিজন আৰক্ষী বিষয়া নিহত হোৱাৰ লগতে ৫জন লোক আহত হয়।

লগতে পঢ়কঃ বিজেপিক তীব্ৰ প্ৰত্যাহ্বনেৰে বিহাৰত I.N.D.I.A.ৰ বিশাল জনসভা; বজালে নিৰ্বাচনী ৰণশিঙা

তাৰ পিছতে ইউনিয়ন প’ৰ্ট অ’ প্ৰিন্সৰ মুৰব্বীয়ে হাইটিৰ আৰক্ষীক কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাত সামৰিক বাহিনীক সহায় কৰিবলৈ কয়। কিন্তু শনিবাৰে গভীৰ নিশা কাৰাগাৰৰ চৌহদত আক্ৰমণ চলে।

এই আক্ৰমণৰ পিছত দেওবাৰে কাৰাগাৰৰ দুৱাৰ খোলা আছিল আৰু নিৰাপত্তাৰক্ষীৰ কোনো চিন-মোকাম নাছিল। এই সময়ত প্ৰায় সকলো বন্দী পলাই গ’ল। অৱশ্যে কাৰাগাৰৰ চোতালৰ ভিতৰত পলাবলৈ চেষ্টা কৰা তিনিজন কয়দীক মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

কাৰাগাৰৰ এজন স্বেচ্ছাসেৱী কৰ্মীয়ে কয় যে ৰাষ্ট্ৰপতি মইজেছক হত্যা কৰাৰ অভিযোগত কাৰাগাৰত ভৰ্তি হোৱা কলম্বিয়াৰ প্ৰাক্তন সৈনিককে ধৰি ৯৯ জন কয়দীয়ে গুলীয়াগুলিত নিহত হোৱাৰ ভয়ত কাৰাগাৰতে বন্দী হৈ থাকিবলৈ বাছি লৈছিল।

লগতে পঢ়কঃ ব্ৰহ্মপুত্ৰ নদীত সাঁতুৰিবলৈ নামি সন্ধানহীন যুৱক

প্ৰাক্তন ৰাষ্ট্ৰপতি জোভেনেল মইইছক হত্যা কৰাৰ পিছৰে পৰা হাইটিত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁৰ ঠাইত কাকো স্থলাভিষিক্ত কৰা হোৱা নাই আৰু ২০১৬ চনৰ পৰা কেৰিবিয়ান দেশখনত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।

হাইটিত যদিও ৰাজনৈতিক চুক্তিৰ অধীনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু নিৰ্বাচিত নোহোৱা প্ৰধানমন্ত্ৰী এৰিয়েল হেনৰীয়ে ৭ ফেব্ৰুৱাৰীৰ ভিতৰত পদত্যাগ কৰাৰ কথা আছিল, সেয়া নহ’ল।