• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক তীব্ৰ প্ৰত্যাহ্বনেৰে বিহাৰত I.N.D.I.A.ৰ বিশাল জনসভা; বজালে নিৰ্বাচনী ৰণশিঙা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2024 8:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ ৰাজধানী পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত দেওবাৰে আয়োজন কৰা জন বিশ্বাস মহাৰেলীৰ জৰিয়তে বিৰোধী ‘INDIA’ৰ মিত্ৰজোঁটে লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজায়। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি লালু প্ৰসাদ যাদৱ, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱকে ধৰি বহুকেইটা দলৰ নেতাই ইয়াত অংশগ্ৰহণ কৰে।

ৰাহুল গান্ধীয়ে তেওঁৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ মাজতে মধ্যপ্ৰদেশৰ পৰা আহি এই সমাৱেশত অংশগ্ৰহণ কৰে। সমাৱেশত ভাষণ দি তেওঁ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে কেৱল দুজন-তিনিজন অতি ধনী লোকৰ বাবে কাম কৰা আৰু দেশৰ মুঠ জনসংখ্যাৰ ৭৩ শতাংশ দলিত আৰু পিছপৰা শ্ৰেণীক আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰে।

সভাত ভাষণ দি আৰজেডিৰ সভাপতি লালু প্ৰসাদ যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক শেহতীয়াকৈ শিৱিৰ সলনি কৰাৰ বাবে সমালোচনা কৰে। ইয়াৰ পূৰ্বে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই লালু প্ৰসাদৰ কনিষ্ঠ পুত্ৰ তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক প্ৰশংসা কৰি কয়, ‘আপোনাৰ চাচাই (মুখ্যমন্ত্ৰী নীতিশ কুমাৰ) আকৌ এবাৰ শিৱিৰ সলনি কৰিছে। তেওঁ হয়তো পুনৰ এই কামটো কৰিব, কিন্তু এতিয়া আৰু তেওঁক গ্ৰহণ নকৰিব।‘

Apply Now

লগতে পঢ়কঃ এইবাৰ দল সলাইছে বিজেপি নেতাই : আপত যোগদান ডিব্ৰুগড়ৰ জিলা বিজেপিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক মিলন দাসৰ

এই সমাৱেশৰ সময়ত বিহাৰৰ মুখ্যমন্ত্ৰীৰ ওপৰত আটাইতকৈ তীব্ৰ আক্ৰমণ চলায় তেওঁৰ তীব্ৰ প্ৰতিদ্বন্দ্বী লালু প্ৰসাদে। তেওঁ জনসাধাৰণক আগন্তুক নিৰ্বাচনৰ বাবে সাজু হৈ থাকিবলৈ কয়। তেওঁ কয়, “আপোনালোকৰ মনোবল বৃদ্ধি কৰিবলৈ মই তাত থাকিম। আপোনালোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কেন্দ্ৰত ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ ভোট দিয়ক।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী তথা জেডিইউৰ সভাপতি নীতিশ কুমাৰক গ্ৰেণ্ড এলায়েন্সৰ পৰা পৃথক কৰি বিজেপি নেতৃত্বাধীন এনডিএৰ সৈতে নতুন চৰকাৰ গঠনৰ বাবেই বিহাৰত আৰজেডিক ক্ষমতাৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। ইয়াৰ পূৰ্বে ২০১৭ চনত নীতিশ কুমাৰে আৰজেডি ত্যাগ কৰি বিজেপি নেতৃত্বাধীন নেচনেল ডেম’ক্ৰেটিক এলায়েন্সত যোগদান কৰিছিল।

২০১৭ চনত নীতিশ কুমাৰৰ দলত্যাগ সন্দৰ্ভত আৰজেডিৰ সভাপতিগৰাকীয়ে কয়, “তেতিয়া মই নীতিশ কুমাৰক গালি-গালাজ কৰা নাছিলো, কেৱল তেওঁক ‘পল্টুৰাম’ বুলি মাতিছিলো। এই লেবেলটো তেওঁৰ নিজৰ কৰ্মৰ ওপৰত ভিত্তি কৰি তেওঁৰ ব্যক্তিত্বত আবদ্ধ হৈ আছে। ছ’চিয়েল মিডিয়াত তেওঁৰ বিষয়ে ধেমেলীয়া ভিডিঅ’ দেখি ভাবো এইবোৰে তেওঁক লাজ নিদিয়ে নেকি?”

অসুস্থতাত ভুগি থকা লালু যাদৱে ৰাজনীতিত বংশবাদক সমালোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰে। তেওঁ কয়, ‘নৰেন্দ্ৰ মোদীৰ যদি নিজা পৰিয়াল নাই তেন্তে আমি কি কৰিম? তেওঁ ৰাম মন্দিৰৰ কথা কৈ গৰ্ব কৰি থাকে। তেওঁ প্ৰকৃত হিন্দুও নহয়। হিন্দু পৰম্পৰাত পিতৃ-মাতৃৰ মৃত্যুত পুত্ৰই মূৰ আৰু দাড়ি খুড়াব লাগে। মাকৰ মৃত্যুৰ সময়ত মোদীয়ে এই কাম কৰা নাছিল।” এই সমাৱেশত ৰাজ্যসভাৰ প্ৰাক্তন সদস্য তথা আৰজেডি কেৰালা ইউনিটৰ মুৰব্বী এম ভি শ্ৰেয়ামছ কুমাৰো উপস্থিত থাকে।

লগতে পঢ়কঃ কেন্দ্ৰৰ নতুন নিৰ্দেশ! বিবাহৰ আগৰ উপাধি ব্যৱহাৰ বা বিবাহ বিচ্ছেদ; NOC লাগিব স্বামীৰ

সমাৱেশত ভাষণ দি সমাজবাদী পাৰ্টিৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে কয়, “উত্তৰ প্ৰদেশ আৰু বিহাৰত মুঠ ১২০খন আসন আছে (উত্তৰ প্ৰদেশত ৮০খন আৰু বিহাৰত ৪০খন)। যদি আমি এই দুখন ৰাজ্যত বিজেপিৰ পৰাজয় নিশ্চিত কৰোঁ, তেন্তে বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰিব।”

অখিলেশ যাদৱে কয় যে যদি উত্তৰ প্ৰদেশে ৮০ত পৰাজিত কৰাৰ শ্লোগান দিছে তেন্তে বিহাৰো পিছ পৰি থকা নাই আৰু ইয়াতো শ্লোগান হৈছে ৪০ত পৰাজিত কৰক। তেওঁ কয়, ‘উত্তৰ প্ৰদেশ আৰু বিহাৰ যদি নিৰ্ণায়ক হয় তেন্তে তেওঁলোকৰ ছবি মচি পেলোৱা হ’ব। তেওঁলোক এফালে সংবিধানৰ ৰক্ষক, আনফালে সংবিধানৰ ভক্ষক।”

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এখন ছবি শ্বেয়াৰ কৰিছে য’ত তেওঁ তেজস্বী যাদৱ আৰু ৰাহুল গান্ধীৰ সৈতে বহি আছে। তেওঁ ছবিখনৰ সৈতে লিখিছে, “উৎসাহী যুৱক-যুৱতীসকল যেতিয়া একত্ৰিত হয়, তেতিয়া ডাঙৰ ডাঙৰ সিংহাসনবোৰ কঁপি উঠে।”

লগতে পঢ়কঃ বিজেপিৰ ১৯৫ জন প্ৰাৰ্থীৰ ভিতৰত একমাত্ৰ মুছলমান প্ৰাৰ্থী আব্দুল চালাম! কোন তেওঁ, কি তেওঁৰ পৰিচয়?

ভাষণত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে গান্ধী ময়দানক বিহাৰৰ ৰাজনীতিৰ টাৰ্নিং পইণ্ট বুলি অভিহিত কৰে। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ডি ৰাজা আৰু চি পি আই (এম এল)ৰ দিপাংকৰ ভট্টাচাৰ্যৰ দৰে বাওঁপন্থী নেতাই মোডী চৰকাৰৰ নীতিক গৰিহণা দি এই চৰকাৰে কেৱল বৃহৎ ব্যৱসায়ীকহে লাভান্বিত কৰিছে বুলি অভিযোগ উত্থাপন কৰে।

জেডিইউৰ সভাপতি নীতিশ কুমাৰৰ বাৰে বাৰে শিৱিৰ সলনিৰ ওপৰত হিন্দী ছবিৰ “ইধৰ চলা মে উধৰ চলা” জনপ্ৰিয় গীতটো পুনৰবাৰ উল্লেখ কৰি তেজস্বীয়ে কয়, “নীতিশ চাচাই এই গীতটোৰ দৰে কাম কৰি বাৰে বাৰে নিজৰ স্থিতি সলনি কৰে, শিৱিৰ সলনি কৰে।” তেওঁ কয়, “বিহাৰক বচাব লাগে, বিজেপি আঁতৰাব লাগে। দেশ বচাওক, বিজেপিক হটাওক।”

ডি ৰাজাই কয় যে মোদীয়ে ক’লা ধন আনি দুখীয়াৰ একাউণ্টত ১৫ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু এনেধৰণৰ কিবা হ’ল নেকি বুলি প্ৰশ্ন কৰে। তেওঁ অভিযোগ কৰে যে, ‘মোডী মিছলীয়া আৰু জুমলাবাজ। মোডী দুখীয়া, দলিত আৰু কৃষকৰ লগত নাই। আদানী আৰু আম্বানীৰ লগত আছে মোডী।” কেন্দ্রত বিজেপি চৰকাৰ নাই, আৰ এছ এছৰ চৰকাৰ বুলিও মন্তব্য কৰে ৰাজাই৷

লগতে পঢ়কঃ প্ৰেম বিবাহত বিবাহ বিচ্ছেদ বেছি! কেন্দ্ৰক বিবাহ আইন সংশোধনৰ পৰামৰ্শ আদালতৰ

চিপিআই(এমএল)ৰ দিপাংকৰ ভট্টাচাৰ্যই কয় যে বিজেপিয়ে ইয়াৰ প্ৰতীক সলনি কৰি ‘পদুম’ৰ পৰিৱৰ্তে ‘বুলডজাৰ’ৰ কৰিব লাগে। তেওঁ অভিযোগ কৰে যে, ‘এই চৰকাৰখনে আম্বানী-আদানীৰ সন্মুখত কাৰ্পেটৰ দৰে লেতুসেঁতু হৈ পৰে, কিন্তু যেতিয়া কৃষকে দিল্লীলৈ আহিব বিচাৰে তেতিয়া ৰাজপথত গজাল মাৰি ৰাখে।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd