• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰেম বিবাহত বিবাহ বিচ্ছেদ বেছি! কেন্দ্ৰক বিবাহ আইন সংশোধনৰ পৰামৰ্শ আদালতৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 3, 2024 10:24 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

5.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰেম বিবাহ যিমানেই বাঢ়ি গৈছে সিমানেই বিবাহ বিচ্ছেদো বাঢ়ি গৈছে। প্ৰেম বিবাহতে সম্পৰ্কত আটাইতকৈ বেছি সমস্যা হয়। সেয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে হিন্দু বিবাহ আইন সংশোধনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। এটা বিবাহ বিচ্ছেদৰ গোচৰত সংশ্লিষ্ট আদালতে এই পৰ্যবেক্ষণ কৰে। উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰক পৰামৰ্শও দিছে।

৩০ বছৰ ধৰি ভাৰতীয় সেনাবাহিনীত কৰ্মৰত এজন চিকিৎসকে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। পত্নীও পেছাত চিকিৎসক। ২০০৭ চনত দুয়ো প্ৰেমত পৰে আৰু হিন্দু আইন অনুসৰি বিবাহপাশত আবদ্ধ হয়। যিটো আছিল সেনা বাহিনীৰ চিকিৎসকগৰাকীৰ দ্বিতীয় বিবাহ। কিন্তু বিয়াৰ কিছুদিন পিছতে আৰম্ভ হ’ল অশান্তি। যাৰ বাবে স্বামীয়ে ২০১৫ চনত পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল।

বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰাৰ পিছত চিকিৎসক পত্নীয়ে তেওঁক এৰি আন ঠাইলৈ গুচি যায়। সেই সময়ত পৰিয়াল আদালতে স্বামীৰ আবেদন খাৰিজ কৰিছিল। পৰিয়াল আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই ২০১৯ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল চিকিৎসক স্বামীয়ে।

লগতে পঢ়কঃ বিজেপিৰ ১৯৫ জন প্ৰাৰ্থীৰ ভিতৰত একমাত্ৰ মুছলমান প্ৰাৰ্থী আব্দুল চালাম! কোন তেওঁ, কি তেওঁৰ পৰিচয়?

ন্যায়াধীশ বিবেক কুমাৰ বিৰলা আৰু ন্যায়াধীশ ডোনাদী ৰমেশৰ বিভাগীয় বিচাৰপীঠে শেহতীয়াকৈ এই গোচৰৰ শুনানি গ্ৰহণ কৰি পৰ্যবেক্ষণ কৰে যে প্ৰেম বিবাহে সদায় সুখী বৈবাহিক জীৱনৰ সূচনা নকৰে।

তেওঁলোকে এইটোও ভাবে যে বৈবাহিক বিবাদৰ বাবে স্বামী বা পত্নী কোন সঁচাকৈয়ে দায়ী সেয়া বিবেচ্য নহয়। দৰাচলতে খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ দুগৰাকীয়ে কয় যে বিগত সময়ত কেইবাটাও গোচৰত ৰায়দান দিওঁতে তেওঁলোকৰ এই অভিজ্ঞতা হৈছে।

ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে হিন্দু বিবাহ বিচ্ছেদ সম্পৰ্কীয় প্ৰচলিত আইনখনৰ ভিত্তি সংশোধন কৰাত গুৰুত্ব আৰোপ কৰে। খণ্ড বিচাৰপীঠখনৰ মতে, সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিবাহ বিচ্ছেদ আইনখন সলনি কৰিব লাগে।

কিয়নো, আদালতে কয় যে, ১৯৯৫ চনত যেতিয়া হিন্দু বিবাহ আইন প্ৰণয়ন কৰা হৈছিল, তেতিয়া বিবাহক এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে গণ্য কৰা হৈছিল। কিন্তু এতিয়া সময়ৰ লগে লগে পৰিস্থিতি সলনি হৈছে। সেয়ে খণ্ড বিচাৰপীঠে কয় যে আইনখন সলনি কৰাৰ প্ৰয়োজন আছে।

লগতে পঢ়কঃ বিশিষ্ট সমাজকৰ্মী, শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ প্ৰতিষ্ঠাপক উপ সভাপতি দেবানন্দ চৌধুৰীৰ দেহাৱসান

কিন্তু ইয়াতেই শেষ নহয়, সেনা বাহিনীৰ চিকিৎসকৰ চিকিৎসক পত্নী বহুদিনৰ পৰা স্বামীৰ পৰা বিচ্ছিন্ন হৈ আছে। উচ্চ ন্যায়ালয়ে কয় যে পত্নীয়ে যে বৈবাহিক সম্পৰ্ক স্থাপন কৰিব নিবিচাৰে সেয়া স্পষ্ট। যিটো উচ্চ ন্যায়ালয়ে স্বামীৰ প্ৰতি নিষ্ঠুৰতা বুলি গণ্য কৰে। ইয়াৰ পিছত স্বামীৰ অনুৰোধ অনুযায়ী বিবাহ বিচ্ছেদ মঞ্জুৰ কৰা হয়। 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd