• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰেম বিবাহত বিবাহ বিচ্ছেদ বেছি! কেন্দ্ৰক বিবাহ আইন সংশোধনৰ পৰামৰ্শ আদালতৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 3, 2024 10:24 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেম বিবাহ যিমানেই বাঢ়ি গৈছে সিমানেই বিবাহ বিচ্ছেদো বাঢ়ি গৈছে। প্ৰেম বিবাহতে সম্পৰ্কত আটাইতকৈ বেছি সমস্যা হয়। সেয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে হিন্দু বিবাহ আইন সংশোধনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। এটা বিবাহ বিচ্ছেদৰ গোচৰত সংশ্লিষ্ট আদালতে এই পৰ্যবেক্ষণ কৰে। উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰক পৰামৰ্শও দিছে।

৩০ বছৰ ধৰি ভাৰতীয় সেনাবাহিনীত কৰ্মৰত এজন চিকিৎসকে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। পত্নীও পেছাত চিকিৎসক। ২০০৭ চনত দুয়ো প্ৰেমত পৰে আৰু হিন্দু আইন অনুসৰি বিবাহপাশত আবদ্ধ হয়। যিটো আছিল সেনা বাহিনীৰ চিকিৎসকগৰাকীৰ দ্বিতীয় বিবাহ। কিন্তু বিয়াৰ কিছুদিন পিছতে আৰম্ভ হ’ল অশান্তি। যাৰ বাবে স্বামীয়ে ২০১৫ চনত পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল।

বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰাৰ পিছত চিকিৎসক পত্নীয়ে তেওঁক এৰি আন ঠাইলৈ গুচি যায়। সেই সময়ত পৰিয়াল আদালতে স্বামীৰ আবেদন খাৰিজ কৰিছিল। পৰিয়াল আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই ২০১৯ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল চিকিৎসক স্বামীয়ে।

Apply Now

লগতে পঢ়কঃ বিজেপিৰ ১৯৫ জন প্ৰাৰ্থীৰ ভিতৰত একমাত্ৰ মুছলমান প্ৰাৰ্থী আব্দুল চালাম! কোন তেওঁ, কি তেওঁৰ পৰিচয়?

ন্যায়াধীশ বিবেক কুমাৰ বিৰলা আৰু ন্যায়াধীশ ডোনাদী ৰমেশৰ বিভাগীয় বিচাৰপীঠে শেহতীয়াকৈ এই গোচৰৰ শুনানি গ্ৰহণ কৰি পৰ্যবেক্ষণ কৰে যে প্ৰেম বিবাহে সদায় সুখী বৈবাহিক জীৱনৰ সূচনা নকৰে।

তেওঁলোকে এইটোও ভাবে যে বৈবাহিক বিবাদৰ বাবে স্বামী বা পত্নী কোন সঁচাকৈয়ে দায়ী সেয়া বিবেচ্য নহয়। দৰাচলতে খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ দুগৰাকীয়ে কয় যে বিগত সময়ত কেইবাটাও গোচৰত ৰায়দান দিওঁতে তেওঁলোকৰ এই অভিজ্ঞতা হৈছে।

ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে হিন্দু বিবাহ বিচ্ছেদ সম্পৰ্কীয় প্ৰচলিত আইনখনৰ ভিত্তি সংশোধন কৰাত গুৰুত্ব আৰোপ কৰে। খণ্ড বিচাৰপীঠখনৰ মতে, সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিবাহ বিচ্ছেদ আইনখন সলনি কৰিব লাগে।

কিয়নো, আদালতে কয় যে, ১৯৯৫ চনত যেতিয়া হিন্দু বিবাহ আইন প্ৰণয়ন কৰা হৈছিল, তেতিয়া বিবাহক এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে গণ্য কৰা হৈছিল। কিন্তু এতিয়া সময়ৰ লগে লগে পৰিস্থিতি সলনি হৈছে। সেয়ে খণ্ড বিচাৰপীঠে কয় যে আইনখন সলনি কৰাৰ প্ৰয়োজন আছে।

লগতে পঢ়কঃ বিশিষ্ট সমাজকৰ্মী, শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ প্ৰতিষ্ঠাপক উপ সভাপতি দেবানন্দ চৌধুৰীৰ দেহাৱসান

কিন্তু ইয়াতেই শেষ নহয়, সেনা বাহিনীৰ চিকিৎসকৰ চিকিৎসক পত্নী বহুদিনৰ পৰা স্বামীৰ পৰা বিচ্ছিন্ন হৈ আছে। উচ্চ ন্যায়ালয়ে কয় যে পত্নীয়ে যে বৈবাহিক সম্পৰ্ক স্থাপন কৰিব নিবিচাৰে সেয়া স্পষ্ট। যিটো উচ্চ ন্যায়ালয়ে স্বামীৰ প্ৰতি নিষ্ঠুৰতা বুলি গণ্য কৰে। ইয়াৰ পিছত স্বামীৰ অনুৰোধ অনুযায়ী বিবাহ বিচ্ছেদ মঞ্জুৰ কৰা হয়। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd