• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ১৯৫ জন প্ৰাৰ্থীৰ ভিতৰত একমাত্ৰ মুছলমান প্ৰাৰ্থী আব্দুল চালাম! কোন তেওঁ, কি তেওঁৰ পৰিচয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2024 9:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ২ মাৰ্চ শনিবাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হয়। তাতে দেশৰ ১৪খন ৰাজ্য আৰু ৪খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। এই নিৰ্বাচনী যুদ্ধত ৩৭০খন আসন দখল কৰাৰ যুঁজখনত কৌশলেৰে আগবাঢ়িছে বিজেপিয়ে।

বিজেপিৰ এই আসন দখল কৰাৰ ৰোডমেপত দাক্ষিণাত্যৰ ওপৰত দৃষ্টি আছে। দক্ষিণৰ ৰাজনীতিত স্থান দখল কৰিবলৈ বিজেপিয়ে বহু কৌশল, প্ৰচেষ্টা চলাইছে। ইপিনে, শনিবাৰে গেৰুৱা শিবিৰৰ প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সময়ত কেৰালাৰ বহু সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। তাতেই নাম আহে আব্দুল চালামৰ।

শনিবাৰে ঘোষণা কৰা ১৯৫ গৰাকী বিজেপি প্ৰাৰ্থীৰ ভিতৰত আব্দুল চালাম হৈছে একমাত্ৰ মুছলমান নাম। আব্দুল চালাম কেৰালাৰ মালাপ্পুৰমৰ প্ৰাৰ্থী। এইগৰাকী বিজেপি প্ৰাৰ্থীৰ প্ৰথম কথাটো হ’ল শিক্ষা জগতৰ সৈতে তেওঁৰ সম্পৰ্ক। কালিকট বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আব্দুল চালাম এই নিৰ্বাচনত মালাপ্পুৰমৰ পৰা অৱতীৰ্ণ হব। মূলতঃ আব্দুল চালাম কেৰালাৰ তিৰুৰৰ বাসিন্দা আছিল।

Apply Now

লগতে পঢ়কঃ বিশিষ্ট সমাজকৰ্মী, শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ প্ৰতিষ্ঠাপক উপ সভাপতি দেবানন্দ চৌধুৰীৰ দেহাৱসান

লিংকডইন প্ৰফাইল অনুসৰি ২০১৮ চনলৈকে তেওঁ ১৫৩খন গৱেষণা পত্ৰ, ১৪টা পৰ্যালোচনামূলক প্ৰবন্ধ আৰু ১৩খন জীৱবিজ্ঞানৰ গ্ৰন্থ প্ৰকাশ কৰিছে। তাৰ পিছত ২০১৯ চনত বিজেপিত যোগদান কৰে। সেই বছৰতে মোডী চৰকাৰৰ নেতৃত্বত এন ডি এ মিত্ৰজোঁটৰ চৰকাৰ কেন্দ্ৰলৈ আহিছিল। সেই বছৰ মোডীয়ে প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত জয়লাভ কৰি প্ৰধানমন্ত্ৰী হয়।

ইয়াৰ পিছত ২০২১ চনত আব্দুল চালামে ১৩১ নম্বৰ নেমম সমষ্টিৰ পৰা কেৰালা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। সেইবাৰ ভোটত নিজৰ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ বিষয়ে কোৱাৰ সময়ত আব্দুল চালামে কয় যে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬.৪৭ কোটি টকা। তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক অভিযোগ ৰুজু হোৱা নাই।

উল্লেখ্য যে ১৯৫ জন প্ৰাৰ্থীৰ তালিকাৰ পৰা কেৰালাত বিজেপিৰ বিশেষ দৃষ্টি স্পষ্ট। কেৰালাৰ তিৰুৱনন্তপুৰমত কংগ্ৰেছৰ হেভিৱেট শশী থাৰুৰৰ বিৰুদ্ধে মুখামুখি হৈছে কেন্দ্ৰীয় তথ্য মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰন। দুয়োজন প্ৰাৰ্থীয়ে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত উচ্চ যোগ্যতাসম্পন্ন।

লগতে পঢ়কঃউত্তৰ প্ৰদেশত আৰক্ষীৰ গুলীত নিহত দশম শ্ৰেণীৰ ছাত্ৰ : দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছ দলে

মন কৰিব যে দেশৰ শিক্ষাৰ ক্ষেত্ৰত কেৰালাৰ সফলতা কাৰো অজ্ঞাত নহয়। সেই ঠাইৰ পৰাই বিজেপিয়ে শশীক পৰাস্ত কৰিবলৈ ৰাজীৱক প্ৰাৰ্থী কৰি কেৰালাৰ ভোট যুদ্ধক কেন্দ্ৰ কৰি উত্তেজনা বৰ্তাই ৰাখিছে। লগতে কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এ কে এণ্টনীৰ পুত্ৰ অনিল এণ্টনীয়ে পাঠনামিথিঠা আসনত প্ৰাৰ্থিত্ব লাভ কৰিছে। সেইদৰে, মালয়ালম ছবিৰ জনপ্ৰিয় তাৰকা সুৰেশ গোপীক কেৰালাৰ ত্ৰিশূৰ আসনত বিজেপিয়ে প্ৰক্ষেপ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd