NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ মুখ্য মন্ত্ৰী পদত পুনৰ পেমা খাণ্ডু, বুধবাৰে ল’ব শপত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2019 10:50 am
Pema-Khandu-1

অৰুণাচল প্ৰদেশত লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে ৬০ খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত ৪১ খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰবাৰ পেমা খাণ্ডুকে মুখ্য মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে।

সোমবাৰে ইটানগৰত অনুষ্ঠিত হোৱা বিধায়িনী দলৰ বৈঠকত ৪০জন সদস্যই সৰ্বসন্মতিক্ৰমে বিধায়িনী দলৰ নেতা হিচাপে খাণ্ডুক নিৰ্বাচিত কৰে। খাণ্ডুৰ নাম প্ৰস্তাৱ কৰে প্ৰাক্তন উপ মুখ্য মন্ত্ৰী চাওনা মেইনে আৰু সমৰ্থন জনাই জ্যেষ্ঠ বিধায়িকা গুম টায়েং, হনচুম নংডং আৰু বামাং ফেলিক্সে।

বিধায়িনী দলৰ বৈঠকত বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাৰ লগতে নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল। বিধায়িনী বৈঠকৰ পিছতে পেমা খাণ্ডুৰ নেতৃত্বত ৰাম মাধৱ, জে পি নাড্ডা, হিমন্ত বিশ্ব, টাপিৰ গাঁও আৰু চাওনা মেইনে অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰাক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী কৰে।

ইফালে বিজেপিৰ এই দাবী মানি লৈ ৰাজ্যপাল মিশ্ৰই পেমা খাণ্ডুক চৰকাৰ গঠনৰ আহ্বান জনায়।

ৰাজ্যপালক সাক্ষাতৰ পাছতেই পেমা খাণ্ডুৱে সংবাদ মাধ্যমৰ জৰিয়তে কয় যে অহা ২৯ মে’ত ইটানগৰৰ দৰ্জি খাণ্ডু ৰাজ্যিক কনভেননশ্যন চেণ্টাৰত দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁ শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শীৰ্ষ নেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনত দুবাৰকৈ চৰকাৰ গঠন কৰিছিল যদিও এইবাৰ প্ৰথমবাৰৰ বাবে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে।