NORTHEAST NOW (Assamese)
অসম

ডিগবৈত ডেম’ ৰে’লৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু; মৃতদেহৰ ওপৰেৰে পুনৰ ৰে’ল চলাবলৈ দিয়া নিৰ্দেশৰ বিৰুদ্ধে প্ৰতিবাদ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ May 28, 2019 3:23 pm
Screenshot_20190528_122912

তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ডিগবৈ চাৰিআলিত আজি পুৱা এখন ডেম’ ৰে’লৰ খুণ্ডাত এগৰাকী মহিলাৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷

আজি পুৱা প্ৰায় ১০.১৫ বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত মৃত্যু হোৱা মহিলা গৰাকী অনুপমা বৰুৱা (২৪) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ৰে’লৰ আলি পাৰ হ’বলৈ চেষ্টা কৰোতেই ডিব্ৰুগড়-লিডু ডেম’ ৰে’লৰ খুন্দাত মহিলাগৰাকীৰ মৃত্যু হয়।

ইফালে একাংশ লোকে জানিবলৈ দি কয় যে ৰে’লখন অহাৰ সময়ত মহিলা গৰাকীয়ে ফোনত কথা পাতি ৰে’ল আলি পাৰ হ’ব খুজিছিল আৰু তেতিয়াই উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। ইফালে আন একাংশৰ মতে এয়া আত্মহত্যা।

এই পৰ্যন্ত মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও মহিলা গৰাকীৰ মৃত্যুৰ পাছতেই মৃতদেহৰ ওপৰেদি আন এখন ৰে’ল পাৰ কৰাবলৈ বিচৰাত ঘটনাস্থলত উপস্থিত থকা লোকসকল উত্তেজিত হৈ পৰে আৰু উত্তেজিত জনতাই ডিগবৈ ষ্টেশ্যন মাষ্টৰৰ লগত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হোৱাৰ লগতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়৷

মৃতদেহৰ ওপৰেদি ট্ৰেইন চলাই নিবলৈ নিৰ্দেশ দিয়া কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে উত্তেজিত জনতাই ষ্টেশ্যন মাষ্টাৰ হায় হায়, ষ্টেশ্যন মাষ্টাৰ গ’ বেক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ পাছত ডিগবৈ আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলত উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰে যদিও বৰ্তমানেও চেপা উত্তেজনাই অঞ্চলটোত বিৰাজ কৰি আছে৷

আনহাতে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।