NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 28, 2019 1:32 pm
nomination file

ৰাজ্যসভাৰ দুখন আসনৰ এখনত বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা যোৰহাট সমষ্টিৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু দ্বিতীয়খন আসনৰ বাবে মিত্র দল অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আজি মনোনয়ন পত্ৰ দাখিল কৰে।

আজি মনোনয়ন দাখিলৰ অন্তিম দিনা দুয়োগৰাকী প্ৰাৰ্থীয়ে সচিবালয়ত ৰিটাৰ্নিং বিষয়া এ এন ডেকাৰ ওচৰত দাখিল কৰিলে নিজৰ নিজৰ মনোনয়ন পত্ৰ।

মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থী দুগৰাকীক সংগ দিয়ে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি আৰু অগপৰ সভাপতি অতুল বৰা।

উল্লেখ্য যে অহা ১৪ জুনত ৰাজ্যসভাৰ দুখন আসন খালী হ’ব আৰু ইয়াৰ বাবে ৭ জুনত অনুষ্ঠিত হ’ব নিৰ্বাচন। ইতিমধ্যে দুয়োখন আসন বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ দখললৈ যোৱাটো নিশ্চিত হৈ পৰিছে। কিয়নো ৰাজ্যসভাৰ আসন দুখনৰ বাবে বিৰোধীয়ে দাখিল কৰা নাই কোনো মনোনয়ন।

আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা অৰ্থাৎ ৩১ মে’ৰ ৩ বজাৰ পিছত দুয়োগৰাকী প্ৰাৰ্থীকে বিজয়ী ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

উল্লেখ্য যে ২৭ মে’ অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ পাছতে ৰাজ্যসভাৰ এখন আসনৰ বাবে প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰাৰ্থিত্ব চূড়ান্ত হৈছিল।