NORTHEAST NOW (Assamese)
অসম

গ্ৰেপ্তাৰ গুৱাহাটী বিশ্ববিঃৰ প্ৰাঃ ছাত্ৰনেতা, ‘আইনা’ৰ প্ৰাঃ উঃ সম্পাদক ||গ্ৰেনে’দ বিস্ফোৰণ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 28, 2019 3:54 pm
Guwahati grenade blast: Former President of Gauhati University PGSU arrested

গুৱাহাটীৰ শেহতীয়া গ্ৰেনে’দ বিস্ফোৰণত জৰিত থকাৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সংস্থাৰ প্ৰাক্তন সভাপতি তথা ‘আইনা’ আলোচনীৰ প্ৰাক্তন উপ সম্পাদক সঞ্জীৱ তালুকদাৰক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে।

আৰক্ষীৰ জিম্মাত থকা, বিস্ফোৰণটোৰ মূল অভিযুক্ত আলফা-স্বাধীন সদস্য বিজয় অসমৰ স্বীকাৰোক্তিৰ ভিত্তিত সঞ্জীৱক গ্ৰেপ্তাৰ কৰা বুলি জনাইছে আৰক্ষী আয়ুক্তই।

“বিজয় অসমৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই সঞ্জীৱক গ্ৰেপ্তাৰ কৰা হৈছে। আমি গম পাইছিলো আৰু তেওঁ স্বীকাৰ কৰিছে তেওঁৰ সৈতে পৰেশ বৰুৱাই ৫-৬ মিনিট কথা পাতিছিল। পৰেশ বৰুৱাই বিজয় অসমৰ লগত সঞ্জীৱক চিনাকি কৰাই দিছিল আৰু সঞ্জীৱে বিজয়ক খানাপাৰাৰ পৰা জালুকবাৰীলৈকে বাইকেৰে ঘূৰাইছিল। ঘটনা সংঘটিত হোৱা স্থানেৰেও পাৰ হৈ গৈছিল,” আয়ুক্ত দীপক কুমাৰে জনায়।

সঞ্জীৱক কিছু সময় পিছতে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব।

বৰ্তমান তেওঁক গীতানগৰ থানাত ৰখা হৈছে।

বাইহাটা চাৰিআলিৰ নিজ ঘৰৰ পৰা সোমবাৰে নিশা সঞ্জীৱক আটক কৰা হৈছে।

ধৃত সঞ্জীৱ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০১৬-১৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সভাপতি আছিল। তেওঁ ‘আইনা’ নামৰ মাহেকীয়া আলোচনীখনৰ উপ সম্পাদক ৰূপে কাম কৰিছিল যদিও বৰ্তমান আলোচনীখনৰ সৈতে জৰিত নাই।

লগতে পঢ়িব পাৰে– পুনৰ চাৰি দিনৰ আৰক্ষী জিম্মালৈ প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক