NORTHEAST NOW (Assamese)
Popular Stories

কয়লাৰ বৃহৎ চিণ্ডিকেট দুধনৈত; দিচপুৰলৈকে আহে টকাৰ ভাগ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2019 7:42 pm

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ৰাজ্যত পুনৰ ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ উঠিছে। শেহতীয়াকৈ গোৱালপাৰা জিলাৰ দুধনৈত চলিব ধৰিছে কয়লাৰ এক বৃহৎ ছিণ্ডিকেট ৰাজ।

উল্লেখযোগ্য যে দীৰ্ঘদিনৰ বিৰতিৰ পিছত মেঘালয়ৰ পৰা কয়লা পৰিবহণ মুকলি কৰি দিয়াৰ পিছত দুধনৈৰ দামৰাত এতিয়া অস্থায়ীভাৱে গে’ট বহুৱাই মেঘালয় অভিমুখী প্ৰতিখন কয়লা পৰিবাহী ট্ৰাকৰ পৰা ২৫০০ৰ পৰা ৩০০০ টকালৈকে সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে।

একাংশ ট্ৰাক মালিকে উক্ত অভিযোগ আনি কয় যে প্ৰতিদিনে ৬২নং ৰাষ্ট্ৰীয় ঘাই পথেদি যোৱা প্ৰায় ৬ শতাধিক ট্ৰাকৰ পৰা দৈনিক ১৮ লাখৰো অদিক টকা সংগ্ৰহ কৰা হয়।

কাৰ নেতৃত্বত এই বৃহৎ ছিণ্ডিকেট চলি আছে সেয়া পোহৰলৈ অহা নাই যদিও স্থানীয় লোকৰ মতে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সহযোগত বিজেপি আৰু কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে ইয়াক চলাই আছে। বহুতে দুধনৈ সমষ্টিৰ বিধায়ক গৰাকীও উক্ত ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগ আনে।

আনহাতে এক গোপন সূত্ৰৰ মতে এই সমগ্ৰ ছিণ্ডিকেট চক্ৰৰ লগত দিচপুৰৰ একাংশ মন্ত্ৰী-আমোলাও জড়িত আছে।

আনকি জিলাখনৰ উপাযুক্ত গৰাকীক বিষয়টো অৱগত কৰা হৈছিল যদিও আজি পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত মন্ত্ৰী-আমোলায়ো যে ছিণ্ডিকেটৰ টকাৰ ভাগ পায় সেয়া বুজিব পাৰি।

চৰকাৰৰ আংশীদাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই নৰ্থ-ইষ্ট নাওৰ আগত কোনো প্ৰভাৱশালী ব্যক্তিৰ ছত্ৰছায়াতে দামৰাত কয়লাৰ চিণ্ডিকেটত চলি আছে বুলি মন্তব্য কৰি কয় যে এয়া চৰকাৰখনৰ ভাবমূৰ্তি নষ্ট কৰাৰ বাবে চৰকাৰ বিৰোধী চক্ৰৰ ষড়যন্ত্ৰ।

ইয়াৰ সৈতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ তথা যৌথ সংগ্ৰাম সমিতিৰ কোনো লোক জড়িত নহয় বুলি উল্লেখ কৰি তেওঁ শীঘ্ৰে উক্ত ছিণ্ডিকেট ৰাজ বন্ধ কৰাৰ দাবী জনায়।