NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ডায়েৰীয়া প্ৰতিৰোধ পষেক আৰম্ভ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 28, 2019 10:02 pm
IMG-20190528-WA0006

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ২৮ মে’ৰ পৰা ৯ জুনলৈ ডায়েৰীয়া প্ৰতিৰোধ পষেকৰ আৰম্ভ হৈছে। শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা খেমকা মাতঃ সদনত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত ডায়েৰীয়া প্ৰতিৰোধ পষেকৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এচ লক্ষ্মণনে।

ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰতিবছৰে ডায়েৰীয়া ৰোগত আক্ৰান্ত হৈ বহু লোক মৃত্যুমুখত পৰিবলগীয়া হৈ আহিছে। বিশেষকৈ শিশুসকল এই ৰোগত বেছি পৰিমানে আক্ৰান্ত হয়। অপৰিচন্ন পৰিবেশ, অপৰিস্কাৰ খাদ্যভাস আদি বিভিন্ন কাৰণত হোৱা ডায়েৰীয়া ৰোগৰ বাবে শৰীৰত পানীৰ পৰিমাণ কৰি যায়। এনে সময়ত উপযুক্ত চিকিৎসাহ নকৰিলে ৰোগীৰ মৃত্যু পৰ্যন্ত হব পাৰে।

ডায়েৰীয়া ৰোগৰ প্ৰাথমিক চিকিৎসা হ’ল অ আৰ এচ আৰু যিংক বড়ি সেৱন। কেনে পৰিবেশ বাৰ্তাই ৰাখিলে ডায়েৰীয়া হোৱাৰ পৰা হাত সাৰিব পাৰি আৰু ডায়েৰীয়া হলে কি কি ব্যৱস্থা গ্ৰহণ  কৰিব লাগে সেই সকলো ২৮ মে’ৰ পৰা ৯ জুন তাৰিখলৈকে হ’ব লগা ডায়েৰীয়া পষেকত স্বাস্থ্য কৰ্মী সকলে ৰাইজক অৱগত কৰিব।

আনহাতে, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলকো ডায়েৰিয়া ৰোগ প্ৰতিৰোধ আৰু প্ৰতিকাৰ সম্পৰ্কত বিশেষ জ্ঞান প্ৰদান কৰা হব।

ডাৰেৰীয়ে প্ৰতিৰোধ পষেকৰ লগত সংগতি ৰাখি আজি শিৱসাগৰ চহৰত এক সজাগতা ৰেলী বাহিৰ কৰা হয়। স্বাস্থ্য কৰ্মীৰ লগতে বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই সজাগতা ৰেলীত ৰাইজক ডায়েৰীয়া প্ৰতিৰোধ কৰাৰ বাবে পালন কৰিবলগীয়া সতৰ্কতা সমূহৰ প্ৰতি সজাগ কৰা হয়।

সজাগতা ৰেলী উদ্ধোধনী অনুষ্ঠানৰ আঁত ধৰে ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে। অনুষ্ঠানত জিলা উপায়ুক্তৰ উপৰিও শিৱসাগৰ যুটিয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰিপুন বৰপূজাৰী, স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত দিলীপ টেৰাং, স্বাস্থ্য বিষয়া ডাঃ অৰুন্ধতি বৰা হাজৰিকা, ডাঃ সৌৰভ গগৈ, ডাঃ মৃদুল দাসৰ লগতে বিদ্যালয় সমুহৰ পৰুদৰ্শক আব্দুল জেলিলে বক্তব্য আগবঢ়ায়।