NORTHEAST NOW (Assamese)
Popular Stories

অসমৰ প্ৰাক্তন ডিজিপি খগেন শৰ্মাৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰিলে কোনে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 28, 2019 11:27 pm
Former Assam DGP Khagen Sarmah dies

দুলাল বৰাই। ক্ষমতাশালী নেতা অখিল গগৈ, প্ৰাক্তন মন্ত্ৰী অকণ বৰা আদিৰ বিৰুদ্ধে বিভিন্ন গোচৰ তৰাৰ বাবে জনাজাত আৰ টি আই কৰ্মীজনে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান খগেন শৰ্মাৰ বিৰুদ্ধে দিচপুৰ থানাত এক অভিযোগ দাখিল কৰিলে।

কালি অৰ্থ্যাৎ ২৭ মে’, ২০১৯ চনৰ সোমবাৰে দাখিল কৰা অভিযোগৰ ভিত্তিত গোচৰ ৰুজু বা সংশ্লিষ্ট আইনী ধাৰা আদি সম্পৰ্কে আমি এতিয়ালৈকে জানিব পৰা নাই, কিন্তু শৰ্মাৰ বিৰুদ্ধে অৱসৰৰ পিছতো “বিধি” উলংঘা কৰি চৰকাৰী সা-সুবিধাসমূহ লৈ থকাৰ অভিযোগ তুলিলে বৰাই।

Who and for what reason, filed complaint against former Assam DGP Khagen Sarma?
দুলাল বৰাই দাখিল কৰা অভিযোগৰ ১ম পৃষ্ঠা।

“চৰকাৰী বিধি মতে কোনো এজন চৰকাৰী বিষয়াই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তিনি মাহ বা সৰ্বাধিক ছয় মাহৰ ভিতৰত চৰকাৰী আৱাস গৃ্হ, ব্যৱহাৰ কৰি থকা চৰকাৰী গাড়ী, ড্ৰাইভাৰ, জেনেৰেটৰ, দেহৰক্ষী আদি সকলো চৰকাৰী সম্পত্তি চমজাই দিব লাগে, কিন্তু চৰকাৰী সকলো নীতি নিয়ম জলাঞ্জলী দি উক্ত বিষয়া জনে অৱসৰ গ্ৰহণ কৰাৰ পৰা আজিৰ তাৰিখলৈকে সকলো সা-সম্পত্তিৰ লগতে চৰকাৰী ভূমি আৰু ঘৰ দখল কৰি আছে, মই জনা মতে যোৱা ৩০/১১/২০১৫ তাৰিখে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা শ্ৰীযুত খগেন শৰ্মাই অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰা প্ৰবীন নাথ, ৰামেশ্বৰ মালাকাৰ, বেহেৰা চন্দ্ৰ বসুমতাৰী, ৪ নং অসম আৰক্ষী বেটেলিয়নৰ পৰা হাবিলডাৰ লংকেশ্বৰ নাথ (Escort Commander), Cont. দিপাংকৰ ৰয় (Escort), আফটাৱ আহমেদ (Escort), ভগৱান দত্ত (Escort), নিৰু থাপা (Escort), S.B Orgn.ৰ Const. (UB) গণেশ দাস (PSO), মৃগাংক ফুকন (PSO), ৯ নং অসম আৰক্ষী বেটেলিয়নৰ পৰা সুব্ৰত চুইন (মালী), 1st A.P.T.F ৰ পৰা Const. ব্ৰজেন দাস Orderly (Mumbai), ৰাম জনম সিং Orderly (Mumbai) আৰু মুম্বাইৰ বাবে এজন অতিৰিক্ত গাড়ী চালক সহ মুঠ চাৰিজন গাড়ী চালক, ৪ নং অসম আৰক্ষী বেটেলিয়নৰ পৰা মিণ্টু লহকৰ নামৰ এজন অৰ্দালি, কামৰূপ মহানগৰ জিলাৰ হাতীগাঁৱৰ লখিমী নগৰ চৰকাৰী আৱাস গৃ্হত আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ চৌহদৰ ভিতৰত থকা কোৱাৰ্টাৰত এটাকৈ চৰকাৰী জেনেৰেটৰ (চৰকাৰী) সম্পূৰ্ণ খৰছত ব্যৱহাৰ কৰি থকাৰ লগতে এখন মহিন্দ্ৰা “থাৰ” এএছ ৩০ ৭৬৮৭ নম্বৰৰ গাড়ী ব্যৱহাৰ কৰি আছে,……. লগতে খগেন শৰ্মাৰ পত্নীৰ লগত এছ বি হাবিলদাৰ যাদৱ বছৰ বছৰ ধৰি মুম্বাইতে ঘূৰি ফুৰি আছে,” দিচপুৰ থানাত দিয়া অভিযোগত বৰাই এইদৰে জনালে।

Who and for what reason, filed complaint against former Assam DGP Khagen Sarma?
দুলাল বৰাই দাখিল কৰা অভিযোগৰ ২য় তথা অন্তিম পৃষ্ঠা।

শৰ্মাই বৰ্তমান ব্যৱহাৰ কৰি থকা “চৰকাৰী গাড়ী”সমূহৰ তালিকা এখনো বৰাই দিছে।

এতিয়া বৰাই শৰ্মাৰ সকলো “বিধি” বহিৰ্ভূত চৰকাৰী সুবিধা কৰ্তনৰ অনুৰোধ জনোৱাৰ লগতে “Land Graving Act ৰ অধীনত চৰকাৰী ভূমি আৰু ঘৰ দখল কৰাৰ অপৰাধত প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান খগেন শৰ্মাৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাটোৰ পুংখানু পুংখ তদন্ত কৰাৰ বাবে” অনুৰোধ জনাইছে।

লগতে “অৱসৰপ্ৰাপ্ত বিষয়াক এনেদৰে চৰকাৰী সা-সুবিধা যোগান ধৰি ৰাজ আতিথ্য প্ৰদান কৰি অহা সকলো বিলাক বিভাগীয় বিষয়া কৰ্মচাৰীৰ ওপৰত এটা তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে” বৰাই অনুৰোধ জনাইছে।