NORTHEAST NOW (Assamese)
অসম

টেট শিক্ষকক ককৰ্থনা: শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে ক’লা বেজ পৰিধান কৰি শিক্ষকৰ প্ৰতিবাদ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ February 18, 2022 5:49 pm

শিক্ষামন্ত্ৰী ৰণোজ পেগুই শিক্ষক সমাজক কৰা ককৰ্থনাই টেট উত্তীৰ্ণ শিক্ষক সমাজৰ মাজত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

প্ৰাপ্য বিচাৰি যোৱা টেট শিক্ষকৰ এটা দলক যোৱা ১২ ফেব্ৰুৱাৰীত শিক্ষামন্ত্ৰী গৰাকীয়ে কৰা ককৰ্থনাৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে টেট উত্তীৰ্ণ শিক্ষক সকলে।

কলিয়াবৰতো ক’লা বেজ পৰিধান কৰি শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ দিলে ঠিকাভিত্তিক টেট শিক্ষক সকলে।

নিজ নিজ বিদ্যালয়তে ক’লা বেজ পৰিধান কৰিয়েই নিজৰ কৰ্তব্য সম্পাদনৰ জৰিয়তেই প্ৰতিবাদ সাৱ্যস্ত কৰিলে টেট শিক্ষকসকলে।

প্ৰতিবাদী শিক্ষক সকলে শিক্ষামন্ত্ৰীলৈ এই বুলি আহ্বান জনায় যে শিক্ষকসকলৰ প্ৰতি তেওঁৰ সদভাৱ নাথাকিলেও ককৰ্থনা নকৰিব।

ভবিষ্যত প্ৰজন্মৰ বাবেই সুস্থ মানসিকতাৰে শ্ৰেণীকোঠাত থাকিব পৰাকৈ পৰিৱেশ ৰচনা কৰিবলৈও প্ৰতিবাদী শিক্ষকসকলে শিক্ষামন্ত্ৰীৰ প্ৰতি আহ্বান জনায়।