NORTHEAST NOW (Assamese)
অসম

বিনামূলীয়া নামভৰ্তিৰ বাবে নাই নিৰ্দেশনা; শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব পাৰে মেট্ৰিক উত্তীৰ্ণ বহু ছাত্ৰ-ছাত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2019 8:37 am
Free Admission

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ নামভৰ্তিৰ সুযোগ দি চৰকাৰে যোৱা দুটা বছৰত যি সকাহ দি আহিছিল, এইবাৰ শিক্ষাৰ্থী-অভিভাৱকসকল তেনে সকাহৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই দেখা দিছে।

মহাবিদ্যালয়বোৰত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও এই পৰ্য্যন্ত চৰকাৰে নামভৰ্তিৰ মাচুল ৰেহাই দিয়াৰ কোনো নিৰ্দেশনা মহাবিদ্যালয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা নাই।

এখন চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষই জনোৱা মতে, এই পৰ্য্যন্ত চৰকাৰে কোনো নিৰ্দেশনা দিয়া নাই আৰু সেয়ে মহাবিদ্যালয়বোৰে মাচুল লৈ নামভৰ্তি কৰিব লগীয়া হ’ব পাৰে।

উল্লেখযোগ্য যে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালবোৰৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ নামভৰ্তিৰ সুযোগ দিয়াৰ ফলত ঘৰৰ আৰ্থিক অৱস্থা বেয়া বহুতো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ অভিভাৱকে নামভৰ্তিৰ খৰচ বহন কৰিব নোৱৰা তেনে শিক্ষাৰ্থী শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই দেখা দিছে।

আনহাতে জানিব পৰামতে, যোৱা বছৰৰ বিনামূলীয়াকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ বিনিময়ত মহাবিদ্যালয়বোৰে পাব লগীয়া ধনৰাশি চৰকাৰে যোৱা এমাহ মানৰ পূৰ্বেহে দিয়া বুলি জানিব পৰা গৈছে। তাকো বহুতো মহাবিদ্যালয়ে সম্পূৰ্ণ ধন নোপোৱাৰো অভিযোগ উঠিছে।