NORTHEAST NOW (Assamese)
ছিকিম

দায়িত্ব লৈয়ে প্ৰথম পদক্ষেপতে চৰকাৰী কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙালে ছিকিমৰ মুখ্য মন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2019 1:21 pm
P S Golay

ছিকিমত পৱন কুমাৰ চামলিঙৰ ২৪ বছৰীয়া শাসনৰ অন্ত পেলাই নতুনকৈ মুখ্য মন্ত্ৰী হোৱা প্ৰেম সিং তামাং ওৰফে পি এছ গোলেই মুখ্য মন্ত্ৰী হৈয়ে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতিক বাস্তৱত উপহাৰ দিছে ৰাজ্যৰ কৰ্মচাৰীসকললৈ।

চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্মদিন সপ্তাহত ৬টাৰ পৰা ৫টালৈ হ্ৰাস কৰি হিমালয়ৰ পাদদেশত থকা ৰাজ্যখনৰ মুখ্য মন্ত্ৰীজনে “আমি আমাৰ এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিলো” বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

যোৱা ২৩ মে’ত ঘোষিত বিধনসভাৰ নিৰ্বাচনৰ ফলাফলত ৩২খন আসনৰ ১৭খন দখল কৰি তেওঁৰ দল ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM)-এ ৰাজ্যখনত চৰকাৰ গঠন কৰিছিল আৰু ২৭ মে’ত পি এছ গোলেই মুখ্য মন্ত্ৰী হিচাপে শপত লৈছিল।

দায়িত্ব লোৱাৰ এদিন পিছতে প্ৰথম পদক্ষেপটোৰ জৰিয়তে যুৱ মুখ্য মন্ত্ৰীজনে ৰাজ্যৰ কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙায়।

মুখ্য মন্ত্ৰীজনে কয়, চৰকাৰী কৰ্মচাৰীসকলে পোৱা এই অতিৰিক্ত সময় তেওঁলোকৰ স্বাস্থ্য আৰু তেওঁলোকৰ অভিভাৱক তথা পৰিয়ালৰ যতন লোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।

গোলেই সতীৰ্থ মন্ত্ৰী আৰু বিধায়কসকলক ব্যয় কমাই চলিবলৈও পৰামৰ্শ দিয়ে আৰু পূৰ্বৰ জনপ্ৰতিনিধিসকলৰ দৰে ফৰচুনাৰ ব্যৱহাৰ নকৰি স্ক’ৰ্পিঅ’ গাড়ী ব্যৱহাৰৰ কথা ঘোষণা কৰে।

পূৰ্বসূৰী পৱন কুমাৰ চামলিঙে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰিছিল বুলিও দাবী কৰে নতুন মুখ্য মন্ত্ৰীজনে।