NORTHEAST NOW (Assamese)
অসম

সাৱধান! গুৱাহাটীত চিকাৰৰ সন্ধানত কুখ্যাত এ’ টি এম ঠগৰ গেং

Posted by: অনিৰ্বাণ ৰয় Updated by: অনিৰ্বাণ ৰয় May 29, 2019 3:26 pm
Be careful! Notorious gang of ATM fraudsters on prowl in Guwahati

সাৱধান হওক! গুৱাহাটীত বিচৰণ কৰি আছে দে’বিট কাৰ্দ ক্ল’নিঙত সাংঘাটিক সিদ্ধহস্ত এ’ টি এম ঠগৰ এক দল, যি মুহূৰ্তৰ ভিতৰতে উদং কৰি পেলাব পাৰে আপোনাৰ বেংক একাউণ্ট।

ঠগৰ গেংটোৰ নৱতম চিকাৰ হৈছে এজন ৭৫বছৰীয়া পেঞ্চনাৰ, নাম গজেন্দ্ৰ নাথ তালুকদাৰ, ঘৰ গুৱাহাটী বেলতলাৰ লখিমী পথত। তেওঁ আইনী ওজন বিভাগৰ যুটীয়া নিয়ন্ত্ৰকৰূপে অৱসৰ গ্ৰহণ কৰিছে, আৰু ষ্টে’ট বেংক অৱ ইণ্ডিয়াৰ দিচপুৰ শাখাৰ তেওঁ গ্ৰাহক।

যোৱা ২৪ মে’ৰ দুপৰীয়া ১১.৪৫ৰ পৰা ১১.৪৮বজাৰ ভিতৰত তেওঁ ৰে’জিষ্টাৰ্দ ম’বাইল নম্বৰত চাৰিটা মেচেজ লাভ কৰিলে, আৰু জানিব পাৰিলে যে সেই তিনি মিনিটৰ ভিতৰত তেওঁৰ এচ বি আই একাউণ্টৰ পৰা অন্তৰ্ধান হৈ গৈছে ১ লাখ টকা।

বেংকলৈ ঢপলিয়াই আহি বয়সিয়াল লোকজনে তেওঁৰ পাচবুক আপদে’ট কৰিলে, আৰু জানিব পাৰিলে যে তেওঁৰ একাউণ্টৰ পৰা কোনোবা মিথলেশ কুমাৰলৈ ৮০হাজাৰ টকা ত্ৰান্চফাৰ হৈছে। ২৪ মে’ৰ দিনৰ ১১.৪৫ আৰু ১১.৪৬ বজাত দুবাৰত ৪০ হাজাৰকৈ সেই টকাখিনি ত্ৰানচফাৰ হৈছিল।

৮০হাজাৰ টকাটোৰ উপৰি ১০হাজাৰকৈ দুবাৰ তালুকদাৰৰ কাৰ্দৰ জৰিয়তে দুপৰীয়া ১১.৪৬ আৰু ১১.৪৮ বজাত নগদ ধন উলিয়াই নিয়া হৈছে। তালুকদাৰ গুৱাহাটীত থকাৰ বিপৰীতে নতুন দিল্লীৰ জগদম্বা মাৰ্কেট আৰু অমন ৱিহাৰৰ দুটা পৃথক এ’ টি এমৰ পৰা ধনখিনি উলিয়াই নিয়া হৈছে।

লগতে পঢ়ক– সাৱধান! আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক, গোপনে নোহোৱা হৈ আছে অসমৰ গ্ৰাহকৰ ধন

ঘটনাটোৱে অৱসৰপ্ৰাপ্ত তালুকদাৰক কঁপাই তুলিছে। তেওঁ এজন হৃদৰোগী, আৰু কেইবছৰমান আগতে তেওঁৰ এটা অ’পেন হাৰ্ট চাৰ্জাৰি হৈ গৈছে।

“এইটো বৰ আচৰিত কথা। আমাৰ টকা আমাৰ বেংকতেই আৰু সুৰক্ষিত নহয়,” বেংকত থকা তেওঁৰ বাকী সকলো টকা উলিয়াই পেলোৱা বুলি উল্লেখ কৰি গজেন্দ্ৰ নাথ তালুকদাৰে নৰ্থ ইষ্ট নাও-ক জনায়।

তালুকদাৰে ঘটনাটোৰ পিছতে ততালিকে হাতীগাওঁ থানাত এখন এজাহাৰ দাখিল কৰিছে, এচ বি আইৰ দিচপুৰ শাখাটো লিখিত অভিযোগ দিছে।

কিন্তু চাৰিটা দিন যোৱাৰ পিছতো না এচ বি আই, না আৰক্ষীয়ে তালুকদাৰৰ হেৰোৱা ১লাখ টকাৰ ক্ষেত্ৰত একো সহায় কৰিব পৰা নাই।

তালুকদাৰে এতিয়াও বুজিব পৰা নাই তেওঁৰ সাঁচতীয়া ধন এ’ টি এম ঠগে কেনেকৈ মোকলাই নিব পাৰে।

শিৱ মন্দিৰৰ সমীপৰ এচ বি আই এ টি এমটোত যোৱা ৯ মে’ত তেওঁ অন্তিমবাৰ কাৰ্দখন ব্যৱহাৰ কৰোতে এজন হিন্দীভাষী সপ্ৰতিভ ডেকা ল’ৰাই তেওঁক কাৰ্দখন মেচিনটোত পুনৰ ভৰাই মিনি ষ্টে’টমেন্ত লৈ ল’বলৈ কৈছিল। “কিন্তু মই সেইটো কৰা নাছিলো,” তেওঁ কয়।

Be careful! Notorious gang of ATM fraudsters on prowl in Guwahati
গজেন্দ্ৰ নাথ তালুকদাৰৰ এজাহাৰৰ প্ৰতিলিপি।

“মই নাজানো গেংটোৱেনো কেনেকৈ মোৰ বেংক একাউণ্ট দিতে’ল সংগ্ৰহ কৰিব পাৰিছে আৰু চাৰিবাৰকৈ লেনদেন কৰিছে,” তালুকদাৰে কয়।

অসমকে ধৰি উত্তৰ-পূবৰ বেংক গ্ৰাহকসকলৰ নে’ট বেংকিঙৰ অভ্যাস ইমান নাই যদিও যোৱা কেইটামান বছৰত এ’ টি এম ব্যৱহাৰ বহু পৰিমাণে বাঢ়িছে।

এ’ টি এমৰ সঘন ব্যৱহাৰৰ সুযোগ লৈ মানুহৰ কষ্টোপাৰ্জিত ধন সৰকোৱাৰ বাবে কুখ্যাত দলটো গুৱাহাটীত নামি পৰিছেহি।

কাৰ্য্যতঃ ঠগবোৰে এখন দে’বিট কাৰ্দৰ বহুকেইখন ক্ল’ন কৰি মুহূৰ্তৰ ভিতৰতে একাউণ্ট খালি কৰিব পাৰে। বেছিভাগ ক্ষেত্ৰতে দুই তিনি মিনিটৰ ভিতৰত চাৰিৰ পৰা ছয়টালৈকে ত্ৰানজেক্সন সিহঁতে সহজেই কৰে।

দে’বিত কাৰ্দখনৰ বহুকেইটা নকল কৰাৰ ফলত অতি কম সময়তে হেকাৰবোৰে বহুকেইটা ত্ৰানজেক্সন কৰিবলৈ সক্ষম হয়। ভুক্তভোগীয়ে কথাটো গম পাই কাৰ্দ ব্লক কৰালৈকে একাউণ্টৰ পৰা বহু পৰিমাণৰ ধন তেওঁলোকে সৰকাই নিয়ে।