NORTHEAST NOW (Assamese)
অসম

অভি-নীলৰ ঘৰত বাৰ্ষিক শ্ৰাদ্ধ; ৮ জুনত ৰাজহুৱা অনুষ্ঠান, মুকলি হ’ব গীত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 29, 2019 8:25 pm
Nilutpal Abhijeet Abhi-Neel remembered in Guwahati

কাৰ্বি আংলঙৰ দকমকাত এক ভয়ংকৰ অনাহুত পৰিস্থিতিত প্ৰাণ হেৰুওৱা গুৱাহাটীৰ দুই যুৱক অভিজিত নাথ আৰু নীলোৎপল দাসৰ শোকসন্তপ্ত পৰিয়ালে তিথি অনুযায়ী বুধবাৰে পালন কৰে তেওঁলোকৰ প্ৰথম মৃত্যু বাৰ্ষিকী।

দুয়ো বন্ধুৰ ঘৰতে পৃথক পৃথককৈ আয়োজন কৰা মাংগলিক অনুষ্ঠানত অভি-নীলৰ সতীৰ্থ-বন্ধু-বান্ধৱী আৰু বহু লোকে গধূৰ অন্তৰেৰে দুয়োকে স্মৰণ কৰে।

ইপিনে, তেওঁলোকৰ মৃত্যুদিন ৮ জুনত গুৱাহাটীৰ কোনো এক স্থানত ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰঙিয়াৰ উদীয়মান কন্ঠশিল্পী উৎপল কলিতাৰ নীল-অভিক লৈ এটি গীত উক্ত অনুষ্ঠানতে ৰাজহুৱা কৰা হ’ব।

যুৱক দুজনৰ অকাল মৃত্যুত ভাগি পৰা পৰিয়াল দুটাই স্বাভাৱিকতেই পাহৰিব পৰা নাই সেই দুঃস্মৃতি। এতিয়া তেওঁলোকে কেৱল বিচাৰিছে ন্যায়, আৰু “অপৰাধী”ক নিৰ্মম, কঠোৰ শাস্তিয়েহে তেওঁলোকক সান্ত্বনা দিব বুলি তেওঁলোকে কয়।

“সিহঁতৰ চেহেৰা-পাতি স্ফূৰ্তি এইবোৰ দেখি আমি অলপ শংকিত হৈছো। ইমান জঘন্য অপৰাধ কৰি ইমান স্ফূৰ্তি কেনেকৈ কৰিছে? এখন দুখৰ গধূৰ পাহাৰ বুকুত লৈ জীয়াই আছো। একমাত্ৰ সেই আশাতে জীয়াই আছো যে দোষীৰ কেতিয়া উচিত শাস্তি হ’ব?” কান্দোনত ভাগি পৰা অভিজিতৰ মাতৃ শশীপ্ৰভা ডেকা নাথে কয়।

“আমি যাতে সোনকালে ন্যায় পাওঁ, আমাৰ দুখৰ সমভাগী হোৱা সকলোৱে এটাই প্ৰশ্ন কৰে যে সিহঁতৰ ফাঁচী হ’ব নে?”

আনহাতে নীলোৎপলৰ জ্যেষ্ঠ ভাতৃৰো একেই আশা। “মাহে মাহে আদালতে তাৰিখ দিয়ে আছে। আমাৰ পৰিয়ালৰ তৰফৰ পৰা চৰকাৰক এটাই অনুৰোধ অতি সোনকালে যাতে কে’চটো নিষ্পত্তি পৰে আৰু দোষীয়ে উচিত শাস্তি পাওক।”

২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল সমগ্ৰ  বিশ্ব কঁপাই যোৱা এই নাৰকীয় কাণ্ড। গুৱাহাটীৰ পৰা কাৰ্বি আংলংৰ কানঠিলাংচু জল-প্ৰপাতৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ গৈছিল নীলোৎপল আৰু অভিজিত। উক্ত দিনাই নিশাৰ ভাগত উৰা বাতৰিত ভোল গৈ উক্ত অঞ্চলৰে একাংশ লোকে নীল-অভিৰ ওপৰত জঁপিয়াই পৰিছিল। সেই নিশাই মৃত্যুক সাৱটি লৈছিল দুয়োজন যুৱকে।