NORTHEAST NOW (Assamese)
Popular Stories

গোহালি চাফা কৰি তাতেই শুই থাকক, দূৰ হ’ব কেন্সাৰ! বিজেপি নেতাৰ অদ্ভুত নিদান

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী October 14, 2024 12:46 pm

কোনেনো কেন্সাৰৰ পৰা বাচি থাকিব নিবিচাৰে! এতিয়া এই মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ বিজেপি নেতাই এটা নতুন নিদান দিলে। গোহালিত শুব লাগিব। তেতিয়াহে কেন্সাৰ আৰোগ্য হ’ব। উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ নিদান এয়া।

ৰাজ্যিক মন্ত্ৰী তথা বিজেপি নেতা সঞ্জয় সিং গংগৱাৰে দেওবাৰে কয় যে গোহালি চাফা কৰি তাতেই শুই থাকক। কেন্সাৰে স্পৰ্শই কৰিব নোৱাৰে।

ইয়াৰ পিছতে বিজেপি বিধায়কগৰাকীয়ে তেওঁলোকৰ কৰ্মীসকলক তেওঁলোকৰ বিবাহ বাৰ্ষিকী আৰু জন্মদিন গোহালিত উদযাপন কৰিবলৈ কয়। গো মাতাৰ সৈতে এই দিনবোৰ উদযাপন কৰিবলৈ কোৱা হৈছে। তেওঁ কয় প্ৰতিটো ঘৰতে গৰু ৰাখিব লাগে। গৰুৰ ওচৰত থাকিলে ৰক্তচাপ কমি যায়। ই এক প্ৰমাণিত তথ্য।

লগতে পঢ়কঃ পেটৰ ভিতৰত বাহ সাজিছিল জীৱন্ত পইতাচোৰাই! চিকিৎসকৰ ‘যাদু’ত জীৱন ৰক্ষা পৰিল দিল্লীৰ যুৱকৰ

উত্তৰ প্ৰদেশৰ মন্ত্ৰী তথা বিজেপি নেতা সঞ্জয় সিং গংগৱাৰে দেওবাৰে এক অস্বাভাৱিক দাবী উত্থাপন কৰে যে গোহালি পৰিষ্কাৰ কৰি তাত শুই থাকিলে কৰ্কট ৰোগ নিৰাময় হ’ব পাৰে। লগতে তেওঁ কয় যে ৰক্তচাপৰ ঔষধৰ মাত্ৰা আধা কৰ্তন কৰি গৰু পুহি কমাব পাৰি। দহ দিন গৰুৰ কাষত থাকিলেই তাৰ প্ৰমাণ পাব।

তেওঁ লগতে কয় যে শুকান গোবৰৰ ধূপ জ্বলাই দিলে মহৰ আক্ৰমণ ৰোধ হয়। ইয়াৰ পিছতে তেওঁ মুছলমানসকলকো গোহালিলৈ আহিবলৈ নিদান দিয়ে।

পিলিভিট জিলাৰ নাওগাৱা পকাদিয়াত ৫৫ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে এখন নতুন গোশালা। তাৰেই উদ্বোধনী সভাত ভাষণ দি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।  এই গোশালাই নিঃস্ব গৰুৰ বাবে পশুখাদ্য আৰু ঔষধৰ লগতে আশ্ৰয়ৰ ব্যৱস্থা কৰিব বুলিও তেওঁ কয়।

তেওঁ কয় যে আজিৰ দিনটোত তেওঁলোকৰ লক্ষ্য হৈছে গোশালাৰ সৈতে মানুহক অধিক সংযোগ আৰু জড়িত কৰা। উল্লেখ্য যে ২০১৭ চনত পিলিভিটৰ পৰা নিৰ্বাচিত হৈছিল সঞ্জয় সিং গংগৱাৰ। তেতিয়াৰ পৰাই তেওঁ উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য।

লগতে পঢ়কঃ সলনি হৈছে বৃহস্পতিৰ গ্ৰেট ৰেড স্পট! তথ্য লাভ কৰি আচৰিত হৈ পৰিছে গৱেষকসকল

বিজেপি নেতাৰ এনে মন্তব্য প্ৰায়ে শুনা যায়। চলিত মাহৰ আৰম্ভণিতে ইন্দোৰ জিলাৰ বিজেপি কৰ্মীসকলে নৱৰাত্ৰি উৎসৱৰ সময়ত গৰ্বা পেণ্ডেলত প্ৰৱেশৰ অনুমতি প্ৰদান কৰাৰ পূৰ্বে গোমূত্ৰ সেৱন কৰাৰ নিদান দিছিল। তেওঁলোকে দাবী কৰিছিল যে এজন প্ৰকৃত হিন্দুৱে গোমূত্ৰ খাবলৈ অস্বীকাৰ নকৰে। তাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছিল।

ইপিনে, সোমবাৰে এই মন্তব্য প্ৰকাশ পোৱাৰ পিছৰে পৰা ছচিয়েল মিডিয়াত ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছ শিবিৰে কয় যে এয়া গেৰুৱা শিবিৰৰ মেৰুকৰণৰ নতুন কৌশল।