NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত মানসিক বিকাৰগ্ৰস্ত মহিলা

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা May 29, 2019 9:58 pm
road accident

কলিয়াবৰৰ বৰালিগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজনী মানসিক বিকাৰগ্ৰস্ত মহিলা।

ঘটনাৰ বিৱৰণি মতে আজি সন্ধ্যা প্ৰায় সাত বজাত কলিয়াবৰৰ বৰালিগাঁও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী ট্ৰাকে এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাক খুন্দিয়াই ঘটনাস্থলীৰ পৰা ট্ৰাকখনে পলায়ন কৰে। ফলত দুৰ্ঘটনাটোৰ ফলত মহিলা গৰাকী থিতাতে নিহত হয়।

স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে উক্ত মানসিক বিকাৰগ্ৰস্ত মহিলা গৰাকী কলিয়াবৰৰ বৰালিগাঁও অঞ্চলত নিতৌ পিঠিত এটা বেগলৈ ঘূৰি ফুৰে। আজিও সেইদৰেই ঘূৰি ফুৰোতে বৰালিগাঁওৰ বালিবাট সন্ধ্যা  ৰাস্তা পাৰ হব লওঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

আনহাতে কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পূৰ্ণ কুমাৰ নাথ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু চিকিৎসকে মহিলা গৰাকীক মৃত বুলি ঘোষণা কৰে। ফলত আৰক্ষীয়ে মৃত মহিলা গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে মহিলাগৰাকীৰ পৰিচয় আৰক্ষীয়ে লাভ কৰা নাই সেয়ে মৃত মহিলা গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ অন্তত ৭২ ঘণ্টাৰ বাবে পৰিয়ালৰ লোকৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব।