NORTHEAST NOW (Assamese)
Popular Stories

দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব খোজা অসমৰ শিক্ষাৰ্থীৰ বাবে দিল্লীৰ অসমীয়া ছাত্ৰ সন্থাৰ বিশেষ পদক্ষেপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2019 7:21 pm

দিল্লী বিশ্ববিদ্যালয়ত শীঘ্ৰে আৰম্ভ হ’ব স্নাতক পৰ্যায়ৰ নামভৰ্তি প্ৰক্ৰিয়া। এই নামভৰ্তি প্ৰক্ৰিয়াত অসমৰ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিব পৰাকৈ অসমীয়া ছাত্ৰ সন্থাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰত্যেকবাৰৰ দৰে এইবাৰো ৰাজ্যখনৰ কেইবাখনো জিলাত অসমীয়া ছাত্ৰ সন্থাই খুলিছে নামভৰ্তি সহায়ক কেন্দ্ৰ। এই পদক্ষেপ গ্ৰহণ কৰিছে দিল্লীৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ এটা সংগঠন সদৌ অসম ছাত্ৰ সন্থাই।

সংগঠনটোৱে গুৱাহাটীৰ শ্বহীদ ন্যাসত আজিৰ পৰা অৰ্থাৎ ৩১ মে’ৰ পৰা ৩ জুনলৈকে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ নামভৰ্তিৰ সহায়ক কেন্দ্ৰ মুকলি কৰিছে।

একেদৰে সংগঠনটোৱে ৬ জুনত গোলাঘাটৰ ডি আৰ কলেজত, ৭ জুনত যোৰহাটৰ অভিজ্ঞান একাডেমিত, ৮ জুনত শিৱসাগৰৰ আছুৰ মুখ্য কাৰ্যালয়ত, ৯ আৰু ১০ জুনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি সহায়ক কেন্দ্ৰ মুকলি কৰিব। আৰু এই নামভৰ্তি সহায়ক কেন্দ্ৰৰ পৰা দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব।