NORTHEAST NOW (Assamese)
অসম

মোদী চৰকাৰৰ ১০০ দিনৰ কৰ্মসূচী : শীঘ্ৰেই ৰাজ্যৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত খালী হৈ থকা কেইবাহাজাৰো পদত নিযুক্তিৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 1, 2019 10:14 am
Ramesh Pokhriyal

ৰাজ্যৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান সমূহৰ খালী হৈ থকা পদ সমূহত শীঘ্ৰেই চৰকাৰে নিযুক্তি দিয়াৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ৩০ মে’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত চৰকাৰ খনৰ প্ৰথম ১০০ দিনৰ কৰ্মসূচীৰ ভিতৰত ঠাই পোৱাৰ সম্ভাৱনা আছে মানৱ সম্পদ বিভাগৰ অধীনত থকা উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ নিযুক্তি প্ৰক্ৰিয়াৰ বিষয়টো।

দীৰ্ঘদিন ধৰি দেশৰ লগতে ৰাজ্যৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত খালী হৈ পদ সমূহ পূৰণ নকৰাৰ ফলত শিক্ষা ব্যৱস্থাটোত প্ৰায় সমস্যাৰ সৃষ্টি হৈছে। মোদী চৰকাৰে প্ৰথম ১০০ দিনৰ কৰ্মসূচীৰ ভিতৰত মানৱ সম্পদ মন্ত্ৰণালয় বিভাগকো ১০০ দিনৰ কৰ্মসূচী প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিয়া বাতৰি লাভ কৰা গৈছে।

মানৱ সম্পদ মন্ত্ৰণালয়ৰ অধীনত প্ৰস্তুত কৰিবলগীয়া ১০০ দিনীয়া কৰ্মসূচীত উচ্চ শিক্ষাৰ খালী পদত নিযুক্তি, শৈক্ষিক প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আদি বিষয়ে প্ৰাধান্য পাব বুলি আশা কৰা হৈছে। এনে হ’ল আগন্তুক ১০০ দিনৰ ভিতৰত ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত নতুন নিযুক্তি লাভ কৰাৰ সম্ভাৱনা প্ৰকট।

উল্লেখযোগ্য যে, দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান সমূহত প্ৰায় ৫ লাখ পদ খালী হৈ আছে। নতুন চৰকাৰখনে প্ৰথম কাৰ্য্যসূচী হিচাপে খালী হৈ পদ সমূহত নিযুক্তি প্ৰদান কৰিব।

এই সম্পৰ্কত ৰাজ্যৰ শিক্ষা মন্ত্ৰী শিদ্ধাৰ্থ ভট্টাচাৰ্য্যই বৰ্তমানলৈ কেন্দ্ৰীয় চৰকাৰে ১০০ দিনীয়া কাৰ্মসূচী প্ৰসংগত ৰাজ্য চৰকাৰক একো জানিবলৈ দিয়া নাই যদিও এই ক্ষেত্ৰত নতুন নিযুক্তি প্ৰক্ৰিয়াই সৰ্বাধিক গুৰুত্ব লাভ কৰিব বুলি উল্লেখ কৰে। শিক্ষা বিভাগৰ তথ্য অনুসৰি অসমৰ ১২ খন বিশ্ববিদ্যালয় আৰু ৩০৫ খন মহাবিদ্যালয়ত এই পৰ্যন্ত কেইবাহাজাৰো পদ খালী হৈ আছে।